ডিজিটেল ডেস্ক : দক্ষিণ এছিয়াৰ মুছলমান প্রধান দেশকেইখনত গাজাত চলি থকা যুদ্ধক লৈ ইজৰাইলবিৰোধী প্রতিবাদ প্রবল হৈছে। শেহতীয়াকৈ মালদ্বীপে ইজৰাইলৰ নাগৰিকক দেশখনত প্ররেশত নিষেধাজ্ঞা আৰোপ কৰিছে। আনহাতে, গাজাত চলি থকা যুদ্ধৰ বিৰুদ্ধে বাংলাদেশ আৰু পাকিস্তানত ব্যাপক প্রতিবাদ হৈ আছে।
ঢাকাই আনকি এইদৰেও কৈছে যে ইজৰাইলৰ বাদে বিশ্বৰ বাকী দেশসমূহৰ পাছপ'ৰ্ট বাংলাদেশত বৈধ। পেলেষ্টাইনী লোকসকলৰ প্রতি সহমর্মিতা প্রকাশ কৰি মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুয়ে কয় যে দেশখনত ইজৰাইলীসকলক প্ৰৱেশত নিষেধাজ্ঞা অনাৰ বাবে ১৫ এপ্রিলত সংসদত অনুমোদন জনোৱাৰ পাছত অতি সোনকালে ইয়াক আইনত পৰিণত কৰা হ'ব।
ইজৰাইলে পেলেষ্টাইনীসকলক নির্দয়ভাবে গণহত্যা কৰাৰ লগতে নিৰ্যাতন চলাই থকাৰ বাবেই দেশখনে ইজৰাইলৰ নাগৰিকৰ বিৰুদ্ধে এই পদক্ষেপ লৈছে। আনহাতে, সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি ২০২৪ চনত প্রায় ১১,০০০ ইজৰাইলীয়ে মালদ্বীপ ভ্রমণ কৰিছিল।