বিদেশীক ভুৱা আধাৰ কার্ড যোগান ধৰা চক্ৰক উৎখাত 

dainik janambhumi August 24, 2025

ডিজিটেল ডেস্কঃ ৰহিঙীয়া, বাংলাদেশী আৰু নেপালীসকলৰ বাবে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ লগত জড়িত এটা আন্তঃৰাজ্যিক চক্র উৎখাত কৰিছে উত্তৰ প্ৰদেশৰ সন্ত্রাসবাদ-বিৰোধী স্কোৱাডে (এ টি এছ)। 

শুকুৰবাৰে উত্তৰ প্ৰদেশ এ টি এছৰ শীৰ্ষ বিষয়াই প্রকাশ কৰা মতে উত্তৰ প্ৰদেশৰ বিভিন্ন ঠাইত তালাচী চলাই এই চক্ৰটোৰ আঠজন সদস্যক গ্ৰেপ্তাৰ কৰে। আনহাতে, শুকুৰবাৰে সন্ধিয়া এই গেংটোৰ আৰু দুজন সদস্যক গ্ৰেপ্তাৰ কৰা হয়। 

উল্লেখযোগ্য যে এই চক্ৰটোৱে দেশৰ নখন ৰাজ্যত সক্রিয় হৈ আছিল আৰু ইলেক্ট্রনিক আৰু মেনুৱেল পদ্ধতিৰে এই ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰিছিল। যোৱা কেইবামাহ ধৰি, গোপন সূত্ৰৰ তথ্যৰ আধাৰত উত্তৰ প্ৰদেশ আৰক্ষীয়ে কাৰিকৰী আৰু শাৰীৰিকভাৱে চক্ৰটোক নিৰীক্ষণ কৰি আছিল। এই চক্ৰটো উত্তৰ প্ৰদেশ, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, দিল্লী-এন চি আৰ, ৰাজস্থান, মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু উত্তৰাখণ্ডত সক্ৰিয় হৈ কাম-কাজ চলাই আছিল। এ টি এছৰ বিষয়াই প্ৰকাশ কৰা মতে, আধাৰ পঞ্জীয়নৰ বিষয়ে জানিবলৈ বৈধভাৱে পঞ্জীকৃত জন সেৱা কেন্দ্ৰসমূহত গেঙৰ সদস্যবোৰে অস্থায়ীভাৱে চাকৰি কৰিছিল।

Share This