অসৎ প্ৰতিৱেশীৰ পৰা নিজৰ জনতাক ৰক্ষা কৰাটো ভাৰতৰ অধিকাৰ, পাকিস্তান বিষয়ত বিদেশ মন্ত্ৰী জয়শংকৰৰ মন্তব্য

dainik janambhumi January 04, 2026

ডিজিটেল ডেস্ক : 'অসৎ প্রতিৱেশী' দেশৰ পৰা নিজৰ জনসাধাৰণক ৰক্ষা কৰাটো ভাৰতৰ অধিকাৰৰ ভিতৰত পৰে। এই মন্তব্য কৰে দেশৰ বিদেশ মন্ত্রী এছ জয়শংকৰে। পাকিস্তানৰ নাম নোলোৱাকৈ তেওঁ দৃঢ়ভাবে কয় যে যেতিয়ালৈকে চুবুৰীয়া দেশখনে ভাৰতত সন্ত্রাসবাদৰ কাৰ্য চলাই থাকিব, তেতিয়ালৈকে নতুন দিল্লীক পানী ভাগ-বাটোৱাৰা কৰিবলৈ দেশখনে ক'ব নোৱাৰে। 

শুকুৰবাৰে আই আই টি, মাদ্রাজত শিক্ষার্থীসকলক সম্বোধন কৰি বিদেশ মন্ত্রীজনে কয় যে ভাৰতে কি কৰিব, নকৰিব, সেইটো অন্য দেশে ক'ব নালাগে। 'অপাৰেশ্যন সেন্দূৰ'ৰ বিষয়ে উল্লেখ কৰি জয়শংকৰে আওপকীয়াকৈ এনেদৰে কয়। ভাৰতে যোৱা বছৰ ইয়াৰ অধিকাৰ সাব্যস্ত কৰি নিজৰ দেশৰ নাগৰিকক সুৰক্ষা দিয়াৰ বাবে পাকিস্তানত 'অপাৰেশ্যন সেন্দুৰ' চলাইছিল বুলি জয়শংকৰে মন্তব্য কৰে। 

আই আই টিৰ শিক্ষাৰ্থীসকলক উদ্দ্যেশি তেওঁ কয় যে তোমালোকৰো অসৎ প্রতিৱেশী থাকিব পাৰে, কিন্তু ভাৰতৰ অসৎ প্ৰতিৱেশী ৰাষ্ট্ৰ আছেই। ভাৰতৰ পশ্চিম ফালে থকা ৰাষ্ট্ৰখনে নিৰৱচ্ছিন্নভাৱে সন্ত্ৰাসৰ কাৰ্য চলাই আছে বুলি জয়শংকৰে ভাষণত কয়।

Share This