ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন

dainik janambhumi September 08, 2025

ডিজিটেল ডেস্ক : সামগ্ৰী আৰু সেৱা কৰৰ (জি এছ টি) হাৰ ৫% আৰু ১৮% কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ৪৮ হাজাৰ কোটি টকাৰ ৰাজহ লোকচান হ'ব বুলি প্রকাশ পাইছে। ইয়াৰ বিপৰীতে দেশৰ অৰ্থনীতিৰ বৃহৎ পৰিমাণৰ লাভ হ'ব বুলি কোৱা হৈছে। 

কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰা মতে, জি এছ টিৰ দৰ সংশোধন কৰাৰ পাছত দেশৰ অৰ্থনীতিৰ প্ৰায় ২০ লাখ কোটি টকা লাভহ'ব। বৈষ্ণৱে কয় যে জি এছ টিৰ হাৰ সংশোধনৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতীয় সামগ্ৰীত আৰোপ কৰা ৫০% শুল্কৰ কোনো সম্পর্ক নাই। তেওঁ কয় যে আয়কৰ ৰেহাইৰ লগতে জি এছ টিৰ হাৰ সংশোধনে ভাৰতীয় অর্থনীতিক এক নতুন মাত্রা দিব। তেওঁ কয় যে জি এছ টিৰ হাৰ সংশোধনৰ কাম আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ আগতে অৰ্থাৎ প্রায় ডেৰ বছৰৰ আগৰ পৰা আৰম্ভ কৰা হৈছিল। 

তেওঁ কয় যে দেশৰ অৰ্থনীতি উপভোগৰ ওপৰত নিৰ্ভৰশীল বুলি সকলোৱে জানে। দেশৰ অৰ্থ ব্যৱস্থাত ঘৰুৱা উপভোগৰ অৱদান হ'ল ৬১%। তেওঁ কয় যে দেশৰ অৰ্থনীতি প্রায় ৩৩০ লাখ কোটি টকাৰ। ইয়াতে উপভোগৰ অংশ হ'ল ২০২ লাখ কোটি টকা। যদি জি এছ টিৰ হাৰ সংশোধনৰ পাছত দেশত উপভোগ দহ শতাংশও বৃদ্ধি পায়, তেতিয়াও দেশৰ অৰ্থনীতিলৈ অতিৰিক্ত অৱদান হ'ব প্রায় ২০ লাখ কোটি টকা।

Share This