ভাৰতীয় সামুদ্রিক খণ্ডৰ বাবে অন্বেষণ কৰিব বিশেষ উপগ্রহ প্রযুক্তি

dainik janambhumi August 24, 2025

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে ভাৰতৰ সামুদ্রিক খণ্ড আৰু বন্দৰ পৰিচালনাৰ আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ এটা বিশেষ উপগ্রহ প্রক্ষেপণ বা এটা ট্রেন্সপণ্ডাৰ ব্যৱহাৰৰ বিষয়ে বিবেচনা কৰিব আৰু ইয়াৰ সম্ভাৱনীয়তা অন্বেষণ কৰিব। 'আমাৰ মন্ত্ৰ্যালয়ে ভাৰতীয় সামুদ্রিক খণ্ডৰ বাবে নিজৰ এটা উপগ্রহ প্রক্ষেপণ বা এটা সংশ্লিষ্ট ট্রেন্সপণ্ডাৰ ব্যৱহাৰৰ পৰিকল্পনা কৰাত গুৰুত্ব আৰোপ কৰিছোঁ।

ইয়াৰ দ্বাৰা উন্নত মহাকাশ-ভিত্তিক সমাধানৰ জৰিয়তে ভাৰতৰ উপকূলীয় আৰু বন্দৰ পৰিচালনাৰ আন্তঃগাঁথনি শক্তিশালী হ'ব,' সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে ভাষণত এইদৰে কয়। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে এনে এক অভিনৱ ব্যৱস্থাই ভাৰতৰ উপকূলীয় জলসীমা, অন্তর্দেশীয় জলপথ আৰু বন্দৰ প্ৰধান অঞ্চলৰ বাবে গুৰুত্বপূৰ্ণ কভাৰেজ প্ৰদান কৰিব। ই ৰাষ্ট্ৰীয় সামুদ্রিক তথ্য ভাণ্ডাৰৰ সৈতে সংযোজিত হ'ব আৰু জাহাজৰ পৰিবহণ, সুৰক্ষা আৰু বন্দৰৰ কাৰ্যকলাপৰ বাবে এটা ৰিয়েল-টাইম নিৰীক্ষণ প্লেটফর্ম প্রদান কৰিব।

ইয়াৰ ফলত জাহাজৰ যাতায়াতৰ উন্নত নিৰীক্ষণ, ভাৰতৰ উপকূলৰেখা আৰু স্বতন্ত্র অর্থনৈতিক অঞ্চলত ৰিয়েল-টাইম জাহাজৰ অনুসৰণ, যান-জঁটৰ হ্রাসকৰণ আৰু জাহাজ পৰিবহণৰ সুৰক্ষাৰ উন্নতি হ'ব। ইয়াৰ উপৰি, ই উদ্ধাৰ অভিযান, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু দুর্যোগ পৰিচালনাৰ বাবে প্রস্তুতি উন্নত কৰিব, লগতে বিদেশী জাহাজ পৰিবহণ ব্যৱস্থাৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্রাস কৰি আত্মনিৰ্ভৰ ভাৰত অভিযানক উৎসাহিত কৰিব বুলি মন্ত্ৰী সোণোৱালে কয়।

Share This