বিশ্ব কাপত ইৰানৰ সলনি ইটালি !

dainik janambhumi April 25, 2026

ডিজিটেল ডেস্ক: আচৰিত নহ'ব। ইৰানৰ সলনি ইটালিয়ে আগন্তুক বিশ্ব কাপত অংশ লোৱাৰ সুযোগ পাব পাৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এনে এক পৰামৰ্শ লাভ কৰিছে। এই অনুৰোধ আমেৰিকাৰ এগৰাকী প্রখ্যাত কূটনীতিবিদৰ পৰা আহিছে। এই অনুৰোধ ট্রাম্পৰ লগতে ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোকো কৰা হৈছে। 

আমেৰিকাৰ সৈতে ইৰানৰ ৰাজনৈতিক অচলাৱস্থা চলি থকাৰ বাবে বিশ্ব কাপত তেওঁলোকৰ অংশগ্ৰহণৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি হৈছে। এক প্রতিবেদন অনুসৰি বিশেষ কূটনৈতিক মন্ত্রী পাওলো জাম্পেনিয়ে ট্রাম্পক এই পৰামৰ্শ দিছে। তেওঁ আশা কৰে যে যদি এই পদক্ষেপ গ্রহণ কৰা হয় তেন্তে ট্রাম্প আৰু ইটালিৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেল'নিৰ মাজৰ সম্পৰ্ক কিছু উন্নত হ'ব। 

উপসাগৰীয় যুদ্ধক লৈ পোপ লিঅ'ক আক্ৰমণ কৰিছিল ট্রাম্পে। ইয়াৰ পাছতেই দুয়োৰে মাজৰ সম্পৰ্কৰ অৱনতি ঘটে। পৰস্পৰৰ স্বাৰ্থতে ইটালিক বিশ্ব কাপৰ বাবে সুযোগ দিয়া উচিত বুলি দাবী কৰিছে জাম্পেলিয়ে। চাৰিবাৰৰ চেম্পিয়ন ইটালিয়ে অৱেশ্য একেৰাহে তিনিবাৰলৈ বিশ্ব কাপৰ বাবে পাৰপত্ৰ লাভ কৰাত ব্যর্থ হয়। প্লে' অফত বছনিয়াৰ হাতত পৰাস্ত হৈ বিশ্ব কাপৰ পৰা বাহিৰ হয় ইটালি। 

জাম্পেলিয়ে কয়, 'মই ট্রাম্প আৰু ইনফান্টিনোক ইৰানৰ সলনি ইটালিক বিশ্ব কাপত সুযোগ দিবলৈ পৰামৰ্শ দিছিল। মই নিজেই ইটালিৰ। ৪বাৰৰ বিশ্ব কাপ বিজয়ী দলটোৰ এটা পৰম্পৰা আছে। তেওঁলোকক সুযোগ দিবলৈ সেয়াই যথেষ্ট।

Share This