ডিজিটেল ডেস্ক: ইটালিয়ে টি-২০ বিশ্ব কাপত ঐতিহাসিক প্রথম জয়ৰ সোৱাদ লাভ কৰিছে। ভাৰত আৰু শ্রীলংকাত সমান্তৰালভাৱে চলি থকা প্রতিযোগিতাখনৰ গ্ৰুপ 'চি'ৰ খেলখনত কালি ইটালিয়ে নেপালক শোচনীয়ভাৱে ১০ উইকেটত পৰাজিত কৰে।
প্রতিযোগিতাখনত প্ৰথমবাৰলৈ অংশ লোৱা ইটালিয়ে নিজৰ দ্বিতীয়খন খেলতে ঐতিহাসিক জয় সাব্যস্ত কৰে। প্রথমে বেট ধৰা নেপালক ১২৩ ৰানত সীমিত ৰখাৰ পাছত ইটালিয়ে ৭.২ অ'ভাৰৰ খেল বাকী থকা অৱস্থাত লক্ষ্য অতিক্রম কৰে। ইয়াৰ মূলতে আছিল দুই অ'পেনাৰ জাষ্টিন মুস্কা (অপঃ ৬০) আৰু এন্থনী মুস্কাৰ (অপঃ ৬২) বেটিং বিক্রম। উভয়ে অবিজিত যুটি বান্ধি দললৈ সহজ জয় কঢ়িয়াই আনে। জাষ্টিনে ৪৪টা বলত তিনিটা ছয় আৰু ৫টা চাৰিৰে নিজৰ অবিজিত ৬০ ৰানৰ ইনিংছটো সজায়।
আনহাতে, এন্থনীৰ ৩২টা বলত অবিজিত ৬২ ৰানৰ ইনিংছটোত সমাহাৰ ঘটে ছটা ছয় আৰু তিনিটা চাৰিৰ। ইয়াৰ আগেয়ে ইটালিৰ স্পীনাৰৰ নিয়ন্ত্রিত বলিঙত তিষ্ঠিৱ নোৱাৰা নেপালে ১৯.৩ অ'ভাৰত মাথোঁ ১২৩ ৰানত অল আউট হয়। দলৰ হৈ আৰিফ শ্বেইখে সর্বাধিক ২৭ আৰু ৰোহিত পাউডেলে ২৩ ৰান কৰে।
ইটালিৰ বলাৰ ঘাইকৈ স্পীনাৰদ্বয় বেন মানেন্টি (২-৯) আৰু কৃষাণ কালুগামেগাই (৩-১৮) আকর্ষণীয় বলিঙেৰে নেপালৰ বেটিং লাইন আপ ভাঙি পেলায়।