বাংলাদেশ দখল কৰিব জামাত-এ-ইছলামীয়ে

dainik janambhumi December 07, 2025

ডিজিটেল ডেস্ক : ক্ষমতাচ্যুত হৈ দেশৰ পৰা শ্বেখ হাছিনাই পলায়ন কৰাৰ পাছত বাংলাদেশত আৱামী লীগৰ প্ৰভাৱ কমি গৈছে। ইয়াৰ পাছতে দেশখনৰ শাসনভাৰ লাভ কৰা মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্ৱৰ্তী চৰকাৰৰ দিনত বাংলাদেশত ইছলামিক মৌলবাদৰ উত্থান হৈছে। আনহাতে, আৱামী লীগৰ স্থান পূৰণৰ বাবে পূর্ণ সুযোগ লৈছিল খালেদা জিয়া নেতৃত্বাধীন বাংলাদেশ নেশ্যনেলিষ্ট পার্টিয়ে (বি এন পি)। কিন্তু শেহতীয়াকৈ বি এন পিৰ মুৰব্বী খালেদা জিয়া গুৰুতৰভাৱে অসুস্থ হোৱাৰ পাছত বাংলাদেশত বি এন পিৰ প্ৰভাৱ কমি গৈছে। 

বি এন পিৰ কার্যকৰী সভাপতি তথা খালেদাৰ পুত্ৰ লণ্ডনত বাস কৰি থকাৰ বাবে দেশখনত বি এন পিৰ সাংগঠনিক প্রভাৱ কমি গৈছে। এই অৱস্থাৰে সম্পূর্ণ সুযোগ লৈছে দেশখনৰ ইছলামিক মৌলবাদী সংগঠন তথা নতুনকৈ আত্মপ্রকাশ কৰা ৰাজনৈতিক দল জামাত-এ-ইছলামীয়ে। অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দেশখনত সাধাৰণ নির্বাচন অনুষ্ঠিত হ'ব। এই সাধাৰণ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব নোৱাৰাকৈ ইতিমধ্যে আৱামী লীগক দেশখনত নিষিদ্ধ কৰা হৈছে। আৱামী লীগ বর্তমান দেশখনৰ নিৰ্বাচনী ৰাজনীতিৰ দৃশ্যপটৰ পৰা নোহোৱা হৈছে। বি এন পিয়ে এই স্থান লোৱাৰ আশা কৰিছিল ৰাজনৈতিক বিশ্লেষকসকলে। কিন্তু বি এন পিৰো প্রভাৱ শেহতীয়াকৈ কমি যোৱাত বাংলাদেশত শক্তিশালী হৈ পৰিছে ইছলামিক মৌলবাদী ৰাজনৈতিক দল জামাত-এ-ইছলামী। বাংলাদেশক ইছলামিক মৌলবাদীৰ নিয়ন্ত্রণলৈ নিয়াৰ বাবে ইতিমধ্যে পাকিস্তান সক্রিয় হৈ পৰিছে। সেইবাবে পাকিস্তানে জামাত-এ-ইছলামীক বিভিন্ন প্রকাৰে সাহায্য দিয়া আৰম্ভ কৰিছে। জামাত-এ-ইছলামীৰ এতিয়া বাংলাদেশত প্রভাৱ ইমানেই বেছি যে দেশখনৰ সমাগত নির্বাচনত দলটোৱে যে ক্ষমতা দখল কৰিব, সেই কথা নিশ্চিত হৈ পৰিছে। 

আনহাতে, এই জামাত-এ-ইছলামীক পৰোক্ষভাৱে সমর্থন জনাই মহম্মদ ইউনুছে একপ্ৰকাৰ ভাৰত-বিৰোধী অভিযান আৰম্ভ কৰিছে। কেইদিনমান পূর্বে জামাতৰ এজন নেতাই ভাৰতক খণ্ড খণ্ড কৰাৰ ভাবুকি দিছে। উত্তৰ-পূর্বাঞ্চলক খণ্ড খণ্ড কৰিলেহে বাংলাদেশব বিকাশ সম্ভৱ বুলি ইছলামিক মৌলবাদী নেতাজনে দাবী কৰিছিল।

Share This