গৰুক ৰাষ্ট্ৰীয় জন্তুৰূপে ঘোষণা কৰক, জমিয়তৰ সভাপতি আৰ্শ্বাদ মাদানীৰ চৰকাৰলৈ আহ্বান

dainik janambhumi May 21, 2026

ডিজিটেল ডেস্ক : গৰুক ভাৰতৰ 'ৰাষ্ট্ৰীয় জন্তু' হিচাপে ঘোষণা কৰিব লাগে। এই আহ্বান জনাইছে জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি আর্শাদ মাদানীয়ে। মাদানীয়ে কয় যে এনে পদক্ষেপে দেশত উন্মত জনতাৰ আক্ৰমণৰ ঘটনা, সাম্প্রদায়িক ঘৃণাভাব আৰু এই বিষয়টো লৈ ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ অভিপ্রায় অন্ত পেলোৱাত সহায়ক হ'ব। সামাজিক মাধ্যমত এই কথা শ্বেয়াৰ কৰি মাদানীয়ে কয় যে যিহেতু ভাৰতৰ গৰিষ্ঠসংখ্যক জনতাই গৰুক পৱিত্ৰ বুলি গণ্য কৰে আৰু এই জন্তুক মাতৃৰূপে সন্মান কৰে, সেইবাবে দেশৰ চৰকাৰে গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে অনুমোদন দিয়াত কি বাধা আছে, সেইটো ব্যাখ্যা কৰিব লাগে। 

মাদানীয়ে কয় যে তেওঁৰ সংস্থাই এনেধৰণৰ এটা সিদ্ধান্তক আদৰণি জনাব, যদিহে গো সুৰক্ষাৰ নামত সংঘটিত হৈ থকা হিংসা অন্ত পেলোৱাৰ এটা স্থায়ী সমাধানসূত্র ওলায়। মাদানীয়ে আশ্চর্য প্রকাশ কৰি কয় যে গো-আইনৰ ক্ষেত্ৰত ভাৰতত দুমুখীয়া নীতি বলবৎ হৈ আছে। 

কিছুমান ভাৰতীয় ৰাজ্যত, বিশেষকৈ মুছলমান অধ্যুষিত অঞ্চলত গো-মাংস মুকলিকৈ বিক্রী আৰু ভক্ষণ কৰি থকা হৈছে। সেইবিলাক অঞ্চলত কিন্তু প্রতিবাদ বা উন্মত্ত হিংসাত্মক ঘটনা হোৱা নাই। মাদানীয়ে দাবী কৰে যে গো-হত্যাৰ ক্ষেত্ৰত সমগ্র দেশত এখন উমৈহতীয়া আইন প্রযোজ্য হ'ব
লাগে।

Share This