ডিজিটেল ডেস্ক: জম্মু আৰু কাশ্মীৰে কালি এক ইতিহাসৰ সৃষ্টি কৰি প্ৰথমবাৰলৈ ৰঞ্জি ট্রফীৰ চেম্পিয়নৰ খিতাপ জয় কৰে। ইয়াৰ লগে লগে ভাৰতৰ ক্ৰিকেট ইতিহাসত কালি এক নতুন তাৰকাৰ উদয় হয়।
জম্মু আৰু কাশ্মীৰে প্ৰথমবাৰৰ বাবে ৰঞ্জি ট্রফীৰ ফাইনেলত উপনীত হৈ প্রায় ৬৫ বছৰীয়া অপেক্ষাৰ অন্ত পেলায়। কর্ণাটকৰ বিৰুদ্ধে ফাইনেলখন কালি অন্তিম দিনা ড্ৰৰে সমাপ্ত হয়, কিন্তু প্রথম ইনিংছত লাভকৰা অগ্ৰগতিৰ ভিত্তিত জম্মু আৰু কাশ্মীৰক বিজয়ী ঘোষণা কৰা হয়।
উল্লেখযোগ্য যে ফাইনেল মেচখনত জম্মু আৰু কাশ্মীৰে প্ৰথমে বেটিং কৰি প্রথম ইনিংছত ৫৮৪ ৰান সংগ্ৰহ কৰে। প্রত্যুত্তৰত কৰ্ণাটকে প্রথম ইনিংছত সংগ্ৰহ কৰে ২৯৩ ৰান। ফলত প্ৰথম ইনিংছত জম্মু আৰু কাশ্মীৰে ২৯১ ৰানৰ অগ্রগতি লাভ কৰে। প্ৰথম ইনিংছত বিশাল অগ্রগতি লাভ কৰা সত্ত্বেও জম্মু আৰু কাশ্মীৰে কৰ্ণাটকক ফল' অন নকৰাই নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰে। দ্বিতীয় ইনিংছত দলটোৱে চাৰি উইকেট হেৰুৱাই ৩৪২ ৰান কৰা অৱস্থাত মেচখনৰ যৱনিকা পৰে। দ্বিতীয় ইনিংছত জম্মু আৰু কাশ্মীৰৰ অ'পেনাৰ কামৰান ইকবাল ১৬০ ৰানত
আৰু ছাহি লট্রাই ১০১ ৰানত অপৰাজিত হৈ থাকে।
জম্মু আৰু কাশ্মীৰে চাৰি উইকেটত ১৮৬ ৰানৰ পৰা কালিৰ খেল আৰম্ভ কৰে আৰু সমগ্ৰ দিনটো মেচখনত আধিপত্য বিস্তাৰ কৰে। জম্মু কাশ্মীৰৰ মুঠ অগ্রগতি ৬৩৩ ৰান হোৱাৰ সময়তে দুয়োজন অধিনায়কে মিলি মেচখন ড্র ৰূপে সামৰণি পেলোৱাৰ সিদ্ধান্ত লয়।