পৰ্যটক অবিহনে কাশ্মীৰবাসীৰ নজ্বলিব চৌকা 

dainik janambhumi April 25, 2025

ডিজিটেল ডেস্কঃ মঙলবাৰৰ দিনটো কাশ্মীৰ উপত্যকাৰ বাবে ভয়ংকৰ আৰু ক'লা দিন আছিল। অনন্তনাগ জিলাৰ পহলগামৰ বেছৰন উপত্যকাৰ ঘাঁহনি পথাৰৰ মনোৰম সৌন্দৰ্যক ম্লান কৰি মৃত্যুৰ কাতৰ ক্ৰন্দন শুনা গৈছিল উপত্যকাটোত। নিষ্ঠুৰ সন্ত্রাসবাদীয়ে এজন এজনকৈ পর্যটকক গুলীয়াই হত্যা কৰিছিল আৰু কেইবাজনকো আহত কৰিছিল। পহলগামত সন্ত্রাসবাদীৰ এই নির্দয় আক্ৰমণৰ পাছতে দিশহাৰা হোৱা পর্যটকসকলক পার্যমানে সহায় কৰিছিল পহলগামৰ স্থানীয় লোকসকলে। 

উদাহৰণ স্বৰূপে ছাজাদ আহমেদ ভাট নামৰ এজন শ্বল ব্যৱসায়ীয়ে সন্ত্রাসবাদীৰ আক্ৰমণৰ পাছত আহত পর্যটকসকলক বোকোচাত উঠাই হস্পিটেললৈ নিয়াৰ ভিডিঅ' ভাইৰেল হৈছিল।  সন্ত্রাসবাদীৰ গুলীৰ শব্দ শুনাৰ পাছতেই ভাটৰ লগতে বহুকেইজন স্থানীয় লোক বেছৰন উপত্যকালৈ ঢাপলি মেলিছিল আৰু পর্যটকসকলক পার্যমানে সহায় আৰু উদ্ধাৰ কাৰ্যত নিয়োজিত হৈছিল।

পৰ্যটকসকলৰ লগতে থকা ঘোঁৰাচালক আদিল হুছেইনে সন্ত্রাসবাদীৰে যুঁজি নিহত হৈছিল।
বেছৰন উপত্যকাৰ শান্ত-সৌম্য পৰিৱেশ গুলীৰ শব্দই বিঘ্নিত কৰাত আতংকিত হৈছে স্থানীয় খাটি খোৱা লোকসকল। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি স্থানীয় শ্বল ব্যৱসায়ী ছাজাদ ভাটে কয় যে ধৰ্মৰ পূৰ্বে মানৱতাৰ কথা আহে। আৱেগভৰা কণ্ঠেৰে ছাজাদে কয় যে পহলগাম ঘোঁৰাচালক সন্থাৰ সভাপতি আব্দুল ৱাহিদ ৱানে সন্ত্রাসবাদীৰ আক্ৰমণটোৰ বিষয়ত এটা হোৱাটছ এপ গ্ৰুপত মেছেজ দিয়াৰ পাছতেই সকলো স্থানীয় লোক সতর্ক হৈ যায় আৰু তেওঁ ঘটনাস্থলীলৈ ৰাওনা হয়। 

বিয়লি তিনি বজাত ভাট গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক পানী দিয়ে আৰু যিসকলে খোজকাঢ়িব পৰা নাছিল, তেওঁলোকক বোকোচাত লৈ হস্পিটেললৈ যায়। পর্যটকসকলে কন্দা দেখি তেওঁ নিজৰ আৱেগক ধৰি ৰাখিব নোৱাৰিলে। পর্যটক আহিলেহে তেওঁলোকৰ ঘৰৰ ৰন্ধন চৌকা জ্বলে বুলি আৱেগভৰা মন্তব্য কৰে শ্বল ব্যৱসায়ী ভাটে।

Share This