জামুগুৰিহাটত শ্রমদানেৰে সমন্বয়ৰ বার্তা প্ৰেৰণ ইছলাম ধৰ্মীয় লোকৰ, ৬ ফেব্ৰুৱাৰীৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশন

dainik janambhumi January 16, 2026

ডিজিটেল ডেস্ক : জামুগুৰিহাটত অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি তুংগত। অধিৱেশনলৈ হাতত মাথোঁ ২১টা দিন বাকী থকা অৱস্থাত জামুগুৰিহাটৰ ধলাইবিল-চৈবাৰীৰ মাজত অৱস্থিত জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্রত যুদ্ধকালীনভাৱে অধিৱেশনৰ মূল মণ্ডপ আৰু শিবিৰসমূহৰ নিৰ্মাণকে ধৰি চলিছে প্ৰস্তুতিৰ সকলো কাম-কাজ। জামুগুৰিহাটত এইবাৰ সংঘৰ ৰাজ্যিক অধিৱেশনখন সর্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলা তথা সর্বাংগসুন্দৰ ৰূপত অধিৱেশন অনুষ্ঠিত কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক-সেৱিকাসকলে দিন-ৰাতি একাকাৰ কৰি হাতে-কামে লাগি পৰা দেখা গৈছে।

জাতি, ধর্ম, বর্ণ নির্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব লগা এই অধিৱেশনস্থলীলৈ স্বতঃস্ফূর্তভাৱেই ওলাই আহি শ্রমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে জামুগুৰিহাটৰে বাকোলা গাঁৱৰ শতাধিক ইছলাম ধৰ্মাৱলম্বী পুৰুষ-মহিলা, যুৱক-যুৱতী আৰু বর্ষীয়ান নাগৰিকেও। প্ৰতিনিধিৰ শিবিৰ নিৰ্মাণত শ্রমদান কৰি এইসমূহ ইছলাম ধর্মীয় লোকে শ্রমদানৰ মাজতেই 'মোৰ মনত ভেদভাব নাই অ' আল্লা' শীর্ষক জিকিৰ পৰিৱেশন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত সমন্বয়ৰ বার্তা দিছে। শ্রমদানৰ মাজতে ভোগালী বিহুৰ দিনটোত ইছলাম ধৰ্মাৱলম্বী যুৱতী-মহিলাসকলক বিহু গীত-নৃত্যত মতলীয়া হৈ আনন্দ-উল্লাস কৰাও দেখা গ'ল।

শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলী জ্যোতি-বিষ্ণু ক্ষেত্ৰত এনেদৰে অঞ্চলটোৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে শিবিৰ নিৰ্মাণকাৰ্যত জড়িত হৈ শ্রমদান কৰি থকা দেখি অভিভূত হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক পদ্ম হাজৰিকা আৰু সম্পাদক বিপুল বৰাকে ধৰি বিষয়ববীয়াসকলে। আদৰণী সমিতিয়ে ইছলাম ধর্মাৱলম্বী লোকসকলক শ্রমদানত উৎসাহ, অনুপ্ৰেৰণা যোগোৱাৰ লগতে অধিৱেশনখন সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলাত সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়।

Share This