দুই জানুৱাৰীত ছবিগৃহলৈ 'যৌৱনে আমনি কৰে দ্বিতীয়', তেজপুৰত প্ৰচাৰ বৰষাৰাণী বিষয়াৰ,

dainik janambhumi December 27, 2025

ডিজিটেল ডেস্ক: আগন্তুক ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় দিনটোতে ৰাজ্যৰ ছবিগৃহলৈ আহিব এখন নতুন অসমীয়া চলচ্চিত্র 'যৌৱনে আমনি কৰে দ্বিতীয়'। উল্লেখযোগ্য যে অসমীয়া চলচ্চিত্ৰৰ একেবাৰে তথৈৱচ অৱস্থাত প্রায় ২৭ বছৰ পূৰ্বে মুক্তি পোৱা যৌৱনে আমনি কৰে ছবিখনে সেই সময়ত ৰাজ্যৰ বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল। ইয়াৰে ছিকুৱেল হিচাপে যৌৱনে আমনি কৰে দ্বিতীয়ই দৰ্শকৰ সমাদৰ পূৰ্বৰ দৰেই লাভ কৰিব বুলি আশা কৰা ছবিখনৰে জড়িত কলা-কুশলীসকলৰ এটা দল কালি তেজপুৰত উপস্থিত হয় ছবিখনৰ প্ৰচাৰৰ বাবে। তেজপুৰৰ আনোৱাৰ হলৰ লগতে দৰং মহাবিদ্যালয়ৰ সমীপত প্ৰচাৰ চলাই ছবিখন উপভোগ কৰাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। 

উল্লেখযোগ্য যে অহা দুই জানুৱাৰীত মুক্তি ঘটিব বহুল চর্চিত ছবি যৌৱনে আমনি কৰে দ্বিতীয়ৰ। অশোক কুমাৰ বিষয়া প্রযোজিত ছবিখন আন এক নতুন কাহিনীৰ আলমত নিৰ্মাণ কৰা হৈছে। ছবিখনক লৈ যথেষ্ট আশাবাদী ছবিৰ সম্পূর্ণ টীম। উল্লেখযোগ্য যে ছবিখনৰ মূল চৰিত্ৰত পুনৰবাৰ অভিনয় কৰিছে মোহময়ী অভিনেত্রী বৰষাৰাণী বিষয়াই। যৌৱনে আমনি কৰে দ্বিতীয়ত ২৭গৰাকী নতুন মুখ দর্শকে দেখা পাব বুলিও প্রকাশ কৰি অন্যান্য শিল্পী, কলা-কুশলীৰ লগতে বৰষাৰাণী বিষয়াই ছবিখনক লৈ যথেষ্ট আশাবাদী বুলি উল্লেখ কৰাৰ লগতে দর্শকক ছবিখন উপভোগ কৰিবলৈ আহ্বান জনায়। 

উল্লেখযোগ্য যে ছবিখনৰ দুই নায়ক-নায়িকা ক্রমে প্রত্যুষ প্লাৱন আৰু পূজা ডেকা তেজপুৰৰ। আনহাতে, ছবিখনত নৱাগত সকলো ৰাজ্যৰ ধেমাজি, ঢকুৱাখনাকে ধৰি বিভিন্ন অঞ্চলৰ বুলি কৈ বৰষাৰাণী বিষয়াই কয় যে ৰাজ্যৰ বহুসংখ্যকে অডিশ্যন দিয়াৰ পিছত এইসকলক নিৰ্বাচন কৰা হয় আৰু তেওঁলোকৰ অভিনয় দর্শকে ভাল পাব। উল্লেখযোগ্য যে যৌৱনে আমনি কৰে প্ৰথমখনত অভিনয় কৰা প্ৰায় সকলোৱেই এইখনতো আছে আৰু পৰিয়ালৰ সকলোৱে একেলগে বহি উপভোগ কৰিব পৰাকৈ তথা সামাজিক বাৰ্তাৰে যৌৱনে আমনি কৰে প্ৰথমৰ কাহিনী আগবঢ়াই ছিকুৱেল ছবিখন নির্মাণ কৰা হৈছে। আজি তেজপুৰত ছবিখনৰ প্ৰচাৰ চলোৱাৰ সময়ত তেওঁলোকে কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ প্ৰতিও শ্রদ্ধাঞ্জলি অর্পণ কৰে।

Share This