চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝিঙৰ সৈতে জয়শংকৰৰ আলোচনা

dainik janambhumi July 15, 2025

ডিজিটেল ডেস্কঃ দুদিনীয়া কাৰ্যসূচীৰে চীনত উপস্থিত হোৱা বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে সোমবাৰে দেশখনৰ উপ-বাষ্ট্রপতি হান ঝিঙৰ সৈতে বেইজিঙত বৈঠকত মিলিত হয়। ড° জয়শংকৰে এই বৈঠকত জটিল আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু চীনৰ মাজত মতামত আৰু দৃষ্টিভংগীৰ মুকলি বিনিময়ৰ পোষকতা কৰে। 

দুয়ো দেশৰ মাজৰ সম্পৰ্কৰ ধাৰাবাহিক সুস্থিৰতাই দেশ দুখনক পাৰস্পৰিক সুফল দিব বুলিও তেওঁ মন্তব্য কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ মাজত বিগত বছৰৰ অক্টোবৰত কাজানত হোৱা বৈঠকৰ পাছত দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পর্ক ক্রমাৎ উন্নত হৈছে বুলি তেওঁ মন্তব্য কৰে। তেওঁৰ ভ্ৰমণকালত দেশখনৰ শীৰ্ষ নেতাসকলৰ সৈতে কৰিবলগীয়া আলোচনাই এই দিশত ইতিবাচক ফলাফল প্রশস্ত কৰিব বুলি ড°  জয়শংকৰে উল্লেখ কৰে। 


মন্ত্ৰীগৰাকীয়ে কৈলাস মানসৰোবৰ যাত্রা পুনৰ আৰম্ভকৰাৰ বাবে দেশখনৰ সিদ্ধান্তক ভাৰতে বহুলভাৱে প্রশংসা কৰিছে বুলি উল্লেখ কৰে। তেওঁ মঙলবাৰে টিয়ানজিন চহৰত অনুষ্ঠিত হ'বলগীয়া ছাংহাই সহযোগিতা সংস্থা (এছ চি অ')ৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্রহণ কৰিব। বিদেশ মন্ত্রীসকলে বিভিন্ন খণ্ডত এছ চি অ'ৰ সহযোগিতাৰ লগতে আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিভিন্ন গুৰুত্বপূর্ণ বিষয় সন্দর্ভত মত বিনিময় কৰিব। 


১০খন ৰাষ্ট্ৰ ক্ৰমে ভাৰত, চীন, ৰাছিয়া, কাজাখস্তান, কির্গিস্তান, তাজিকিস্তান, পাকিস্তান আৰু বেলাৰুচক লৈ ছাংহাই সহযোগিতা সংস্থা গঠন হৈছে। বর্তমান চীন এই সংস্থাৰ অধ্যক্ষ ৰাষ্ট্ৰ আৰু দেশখনে বিদেশ মন্ত্রীসকলৰ এই বৈঠক আহ্বান কৰিছে। চীনৰ বিদেশ মন্ত্রী ৱাং য়িৰ সৈতেও ড° জয়শংকৰে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। দুয়োগৰাকী নেতাই দেশ দুখনৰ দ্বিপাক্ষিক সম্পর্ক স্বাভাৱিক কৰাৰ দিশত আলোচনা কৰাৰ লগতে উভয় দেশৰ মাজত দীর্ঘদিন ধৰি চলি থকা সীমা বিবাদ সম্পর্কেও আলোচনা কৰাৰ কথা।

Share This