ডিজিটেল ডেস্ক : লুক্সেমবার্গ ভ্রমণত থকা কেন্দ্রীয় বিদেশ মন্ত্রী এছ জয়শংকৰে 'অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত পশ্চিমীয়া দেশসমূহৰ স্থিতিক বুধবাৰে তীব্র সমালোচনা কৰে। দেশখনত থকা ভাৰতীয় লোকসকলৰে এক মত বিনিময় অনুষ্ঠানত পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ ভণ্ডামি সন্দর্ভত তেওঁ কয় যে এই দেশসমূহে দূৰৱৰ্তী দেশসমূহৰ সমস্যাক লৈ গভীৰ চিন্তা ব্যক্ত কৰে, কিন্তু তেওঁলোকৰ নিজৰ অঞ্চলত হৈ থকা সমস্যাসমূহক চাব নিবিচাৰে। যিসকলে ইতিবাচক, সহায়কাৰী হিচাপে আমাৰ লগত আগবাঢ়িব বিচাৰে আমিও তেওঁলোকৰ লগত তেনেভাৱেই আগুৱাম।
কিন্তু যিবোৰ দেশে পাকিস্তানৰ দৰে কাম-কাজ কৰে, আমিও তেওঁলোকৰ লগত পৃথক ব্যৱহাৰ কৰিম। জয়শংকৰে আৰু কয় যে কিছুমান মানুহে বহু দূৰৈৰ দেশত বহি থাকি আনক উপদেশ দিয়ে, কিছুমান নিজৰ স্বাৰ্থৰ বাবে আৰু কিছুমান কোনো চিন্তা নকৰাকৈ। অপাৰেশ্যন সেন্দূৰৰ সময়তো বহু দেশে এই অভিযান কেনেকৈ পৰিচালনা কৰিব লাগিব সেই সন্দৰ্ভত আমাক উপদেশ দিছিল।
বিশ্বৰ দেশসমূহে আগবঢ়োৱা উপদেশক লৈয়ে ভাৰত আগবাঢ়ি গৈছিল। তেওঁ কয় যে বহু দেশে আনক বিনামূলীয়া উপদেশ দিবলৈ ৰৈ থাকে। কিবা এটা ঘটনা ঘটিলেই তেওঁলোকে কয় যে এনে নকৰিবা, ই আমাক চিন্তাত পেলাইছে। কিন্তু নিজৰ অঞ্চলৰ ঘটনাবোৰক তেওঁলোকে গুৰুত্ব দিব নিবিচাৰে।