জে ই ইৰ শীৰ্ষ স্থানপ্রাপ্ত ওম প্ৰকাশৰ নাই কোনো ম'বাইল ফ'ন

Dainik janambhumi April 21, 2025

ডিজিটেল ডেস্ক : জে ই ই মেইন, ২০২৫ৰ ফলাফলত শীর্ষস্থান লাভ কৰা ওড়িশাৰ শিক্ষার্থী ওম প্ৰকাশৰ কোনো ব্যক্তিগত ম'বাইল ফ'ন নাই।

 

ছ'চিয়েল মিডিয়াৰ যুগত ম'বাইল ফ'ন সম্প্রতি বিলাসিতা হৈ থকা নাই, বৰঞ্চ ই এক মৌলিক প্রয়োজন হৈ পৰিছে। তেনে সময়তে কোনো লোকৰ ম'বাইল ফ'ন নথকা কথাটো অবিশ্বাস্য। ওম প্রকাশে প্রথম কাকতত সৰ্বমুঠ ৩০০ নম্বৰৰ ভিতৰত ৩০০ নম্বৰ পাবলৈ সক্ষম হয়। নিজৰ অধ্যয়ন পদ্ধতিৰ বিষয়ে প্রকাশ কৰি ওম প্রকাশে কয়ে যে তেওঁ নিজে অধ্যয়ন কৰাত মনোনিৱেশ কৰিছিল আৰু কৌশলগত পৰিকল্পনাৰে অধ্যয়নত ব্ৰতী হৈছিল।

 

ওম প্রকাশে কয়, 'মই ৩ বছৰ ধৰি কষ্ট কৰিছিলোঁ। মই মোৰ ফলাফলত সুখী। মই মোৰ অভিভাৱকৰ পৰা পূৰ্ণ সহযোগ লাভ কৰিছিলোঁ।' জে ই ই মেইন পৰীক্ষাৰ বাবে এন চি ই আৰ টিৰ পাঠ্যক্ৰমৰ ওপৰত ওম প্রকাশে গুৰুত্ব দিছিল। প্রকাশে মাতৃৰ সৈতে কোটাত থাকি এই পৰীক্ষাৰ বাবে অধ্যয়ন কৰিছিল। তেওঁৰ পিতৃ ওড়িশাৰ এজন প্রশাসনীয় বিষয়া। ওম প্রকাশে আই আই টি, মুম্বাইৰ কম্পিউটাৰ বিজ্ঞান শাখাত বি টেক পঢ়িবলৈ আগ্রহী। ওম প্রকাশে কয় যে আই আই টি-জে ই ইৰ ফলাফল মথোঁ এক আৰম্ভণিহে।

Share This