জুবিন গাৰ্গক সুঁৱৰি পাঁচ সহস্রাধিকে পৰিৱেশন কৰিলে দিহানাম, যোৰহাটত 'হেঁপাহ'ৰ উদ্যোগত দিহানাম মহা সন্মিলন

dainik janambhumi November 17, 2025

ডিজিটেল ডেস্ক : অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত কালি যোৰহাটত পাঁচ সহস্রাধিক মহিলাই দিহানাম পৰিৱেশন কৰে। জুবিনদা অ' গুচি গ'লা আমাৰ মাজৰ পৰা, হৈ আছা গৈ জোন-বেলি-তৰা শীর্ষক দিহানাম পৰিৱেশনেৰে মহিলাই সুঁৱৰিলে প্ৰাণৰ শিল্পী, হার্টথ্র'ব জুবিন গাৰ্গক। জুবিন গাৰ্গক সুঁৱৰি দিহানাম পৰিৱেশন কৰি থকাৰ সময়ত সকলোৰে চকুত চকুলো দেখিবলৈ পোৱা গৈছিল আৰু শোকে দগ্ধ কৰি তোলে। দিহানাম পৰিৱেশনস্থলীৰ পৰা সকলোৱে বিচাৰিলে জুবিন গাৰ্গৰ ন্যায়। 

যোৰহাটৰ সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান 'হেঁপাহ'ৰ উদ্যোগত যোৰহাটৰ সমূহ মহিলা, দল-সংগঠন আৰু যোৰহাটবাসীৰ ঐকান্তিক প্রচেষ্টাত বিশ্ব শান্তিৰ উদ্দেশ্যে অনুষ্ঠিত দিহানাম মহা সন্মিলনত বিশ্ববিশ্রুতি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সশ্রদ্ধ সোঁৱৰণ কৰে। যোৰহাট ষ্টেডিয়াম খেলপথাৰত প্রায় পাঁচ হাজাৰ মহিলা আৰু এহাজাৰ খুলীয়া, তালিয়া আৰু নাগাৰাবাদকৰ উপস্থিতিত পৰিৱেশন কৰা দিহানামৰ অমিয়া মাতেৰে মুখৰিত হৈ পৰিল ষ্টেডিয়ামৰ চৌপাশ। দিহানামৰ অনুষ্ঠানটোৰ নেতৃত্ব দিয়ে ৰশ্মি বৰদলৈকে ধৰি দিহানামৰ শিল্পীসকলে। 

এই কার্যসূচীত অংশগ্ৰহণ কৰি দিহা শিল্পী, গৱেষক, লোকশিল্পী যতীন বৰাই কয় যে আমাৰ হিয়াৰ আমঠু, জাতিৰ শক্তি, সংস্কৃতিৰ ভোটাতৰা সকলোৰে মৰমৰ জুবিন গাৰ্গৰ মৃত্যু হ'ল। তেওঁৰ পুণ্যাত্মাৰ সদ্গতিৰ অর্থে আজি যোৰহাট ষ্টেডিয়াম খেলপথাৰৰ প্ৰাংগণত সামাজিক, সাংস্কৃতিক অনুষ্ঠান হেঁপাহৰ উদ্যোগত পাঁচ হাজাৰ মহিলাই পৰিৱেশন কৰিলে দিহানাম। তেওঁৰ পুণ্যাত্মাৰ চিৰশান্তিৰ বাবে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। লগতে তেওঁ কয় যে তেওঁৰ যি মৃত্যু হৈছে, সেয়া অন্যায় হৈছে। আমি আস্থা ৰাখিছোঁ আইন ব্যৱস্থাৰ বিষয়ত শীঘ্ৰে জুবিন গার্গে ন্যায় লাভ কৰিব।

Share This