খাৰুৱা তেলৰ সংকটক লৈ জে পি মর্গানৰ সতর্কবাণী, অহা মাহত সমগ্র বিশ্বত লাগিব হাহাকাৰ

dainik janambhumi March 31, 2026

ডিজিটেল ডেস্ক: খাৰুৱা তেলৰ সংকটে অহা মাহত সমগ্র বিশ্বত হাহাকাৰৰ সৃষ্টি কৰিব আৰু ইয়াৰ পৰা আমেৰিকাও হাত সাৰি নাথাকিব। আমেৰিকাৰ আগশাৰীৰ বিত্তীয় প্রতিষ্ঠান জে পি মর্গানে এখন প্রতিবেদনত এই সতর্কবাণী শুনাইছে। ইয়াৰ আটাইতকৈ বেছি প্রভাৱ প্রথমে এছিয়াত পৰিব আৰু ইয়াৰ পাছত আমেৰিকা আৰু ইউৰোপতো তীব্র সংকটৰ সৃষ্টি কৰিব। 

ইৰানত আমেৰিকা আৰু ইজৰাইলে কৰা আক্ৰমণৰ পাছৰে পৰা হৰমুজ প্রণালী বন্ধ হৈ আছে। ইয়াৰ ফলত মধ্য প্রাচ্যৰ পৰা খাৰুৱা তেল বিশ্বৰ আন স্থানলৈ যোৱাত বাধাৰ সৃষ্টি হৈছে। ফলত বিভিন্ন দেশত খাৰুৱা তেলৰ ভাণ্ডাৰ ক্ৰমাৎ হ্রাস পাবলৈ ধৰিছে। সাধাৰণতে মধ্যপ্রাচ্যৰ পৰা খাৰুৱা তেল বহন কৰি নিয়া জাহাজ এছিয়াৰ আন দেশ পাবলৈ ১০-২০ দিন, ইউৰোপ পাবলৈ ২০-৩৫ দিন আৰু আমেৰিকা পাবলৈ ৩৫-৪০ দিন লাগে। জে পি মর্গানে প্রতিবেদনখনত উল্লেখ কৰা মতে যোগান বন্ধ হৈ পৰাৰ ফলত সৃষ্টি হোৱা চাপ সর্বপ্রথমে এছিয়াত দেখা পোৱা যাব। সামুদ্রিক পথটো বন্ধ হৈ পৰা ফলত প্রতিমাহে এই অঞ্চলটোৰ পৰা খাৰুৱা তেলৰ যোগান প্রায় ৪১%কৈ হ্রাস পাইছে। এই সংকটে প্রথমে পূব এছিয়াত প্রভাৱিত কৰিব আৰু তাৰ পাছত আফ্রিকাতো পৰাৰ সম্ভাৱনা আছে। 

অৱশ্যে আমেৰিকাত প্ৰভাৱ একেবাৰে শেষতহে পৰিব, কিয়নো দেশখনত ঘৰুৱা উৎপাদন যথেষ্ট হয়। ইয়াত উল্লেখ কৰা মতে ২৮ ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ আগতে হৰমুজ প্রণালীৰে পাৰ হোৱা প্ৰায় তেল টেংকাৰ জাহাজ নির্দিষ্ট দেশত উপস্থিত হয় আৰু এই তেল প্রায় শেষ হোৱাৰ পথত। 

উল্লেখযোগ্য যে খাৰুৱা তেলৰ সংকটৰ প্ৰভাৱ ইতিমধ্যে বিশ্বৰ ভালেমান দেশত পৰিছে। বিভিন্ন দেশৰ চৰকাৰে পেট্রল আৰু ডিজেলৰ বিক্রী সীমিত কৰিছে। এতিয়া খাৰুৱা তেলৰ দামতকৈ অধিক সমসস্যাৰ সৃষ্টি কৰিছে ইয়াৰ নাটনিয়ে। ইফালে আন এটা বাতৰিৰ পৰা জানিব পৰা মতে ভাৰতকে ধৰি আন কেইখনমান দেশক বাদ দি আনবোৰত ডিজেলৰ দাম বৃহৎ হাৰত বৃদ্ধি পাইছে। ফিলিপাইনত ডিজেলৰ দাম ৮১.৬% বৃদ্ধি পাইছে। নাইজেৰিয়াত ৭৮.৩%, মালয়েছিয়াত ৫৭.৯%, অস্ট্রেলিয়াত ৫২.১%, ভিয়েটনামত ৪৫.৯%, ছিংগাপুৰত ৪৪% আৰু আমেৰিকাত ৪১.২% বৃদ্ধি পাইছে। ইয়াৰ উপৰি ফ্রান্স, কানাডা, চীন, ব্রিটেইন, ইটালি, জাপান কাটাৰ সংযুক্ত আৰব আমিৰাটতো ডিজেলৰ দাম বৃদ্ধি পাইছে। ইফালে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম পুনৰ বৃদ্ধি পায়। আজি ব্রেন্ট খাৰুৱা তেল প্রতি বেৰলত ১১৬.৪ ডলাৰ হয়গৈ। যোৱা শুকুৰবাৰতকৈ আজি ব্রেন্ট খাৰুৱা তেলৰ দাম ৩.৪১% বৃদ্ধি পায়। আনহাতে, বেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েট খাৰুৱা তেলৰ দাম আজি প্রতি বেৰলত ১০৩.১ ডলাৰলৈ বৃদ্ধি পায়। চলিত মাহত ব্রেন্ট খাৰুৱা তেলৰ দাম ৫৯% বৃদ্ধি পাইছে। 

উল্লেখযোগ্য যে ভাৰতৰ দৰে দেশৰ বাবে প্ৰতি বেৰলত ১০০ ডলাৰ অধিক দামে প্রত্যাহবানৰ সৃষ্টি কৰিছে। ব্ৰেণ্ট খাৰুৱা তেলৰ দাম প্রতি বেৰলত ১০০ ডলাৰ পাৰ হোৱাৰ পাছত বিশ্বৰ অৰ্থনীতি ধুমুহাৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে। ই বেপাৰ-বাণিজ্য স্বাভাৱিক কৰি ৰখাত প্রত্যাহবানৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে। দীর্ঘদিন এই স্থিতি অব্যাহত থাকিলে ভাৰতীয় অর্থনীতিত গভীৰ চাপ পৰিব। 

উল্লেখযোগ্য যে ২০২২ চনত ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ বাবে ব্রেন্ট খাৰুৱা তেল প্রতি বেৰলত ১১৭.২ ডলাৰ হৈছিল, কিন্তু সেই সময়ত প্রতি ডলাৰৰ মূল্য আছিল ৭৬.২৪ টকা। তেতিয়া প্রতি বেৰলৰ দাম ভাৰতীয় টকাত ৮,৯৩৫ টকা আছিল। এতিয়া প্রতি বেৰলত হৈছেগৈ প্রায় ১১ হাজাৰ টকা। ভাৰতে প্রায় ৮৫% তেল বাহিৰৰ পৰা আমদানি কৰে ।

Share This