টীয়কৰ জ্যোতি বিদ্যাপীঠত বিদ্যালয় খোলাৰ প্ৰথমটো দিনতে জাতীয় সাজ-পাৰ পৰিধান শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰীৰ

Nikimoni Kachari April 17, 2026

ডিজিটেল ডেস্ক: যোৰহাট জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান টীয়কৰ জ্যোতি বিদ্যাপীঠে বিগত বছৰৰ দৰে এইবাৰো এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে ।বিহুৰ বন্ধৰ পাচত শুকুৰবাৰে বিদ্যালয় খোলাৰ প্ৰথম দিনটোত সকলো ছাত্ৰ-ছাত্ৰীক জাতীয় সাজ পৰিধান কৰাই বিহুৰ ঐতিহ্য আৰু পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰে। 

উল্লেখযোগ্য যে প্ৰাৰ্থনা সভাতেই শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰী সকলোৱে ইজনে সিজনক বিহুৰ ওলগ জনায়। তাৰপাছত সকলো নিজ নিজ শ্ৰেণীকোঠাত বহি পাঠদান গ্ৰহণ কৰে আৰু কোঠাতে গুৰুক সেৱা কৰি আশীৰ্বাদ লয়। ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰা নিজৰ জাতীয় কৃষ্টি-সংস্কৃতিৰ বিষয়ে অৱগত কৰি অনাগত দিনবোৰত অসমীয়াৰ স্বাভিমান আপোন বিহুটিক সকলোৰে হৃদয়ত উপলব্ধ কৰাৰ মানসেৰে বিদ্যালয়ত এনে পৰিবেশৰ সৃষ্টি কৰা হৈছে বুলি মন্তব্য কৰে বিদ্যালয়ৰ কৰ্তৃপক্ষই।

ইপিনে শ্ৰেণীকোঠাৰ পাছতে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ছাত্ৰ ছাত্ৰী তথা শিক্ষক কৰ্মচাৰীসকলে একেলগে বিহু প্ৰদৰ্শনো কৰে। এই ক্ষেত্ৰত অভিভাৱকসকলেও পূৰ্ণ সমৰ্থন আগবঢ়াই অনাগত দিনতো এইদৰে ঐতিহ্য পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত এনে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। বিদ্যালয়খনৰ এই পদক্ষেপক প্ৰশংসাৰে ওপচাই তুলিছে সকলোৱে।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This