ডিজিটেল ডেস্কঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি কাছাৰ আৰক্ষীয়ে পুনৰ এবাৰ অৰ্জন কৰিলে সফলতা। লক্ষীপুৰ বিধানসভাৰ অন্তৰ্গত জুজাং পাহাৰত চলোৱা বিশেষ অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ হেৰ’ইন।
পাহাৰৰ গোপন ঠাইত লুকুৱাই ৰখা ৫০ টা চাবোনৰ বাকচৰ ভিতৰত উদ্ধাৰ কৰা হয় ৬৬৫ গ্ৰাম হেৰ’ইন। যাৰ বজাৰ মূল্য প্ৰায় ৩.৫ কোটি টকা বুলি জনালে কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে।
ইয়াৰ পূৰ্বে, ২৯ অক্টোবৰ তাৰিখে কাছাৰ আৰক্ষীয়ে লিংবৈ হুনছাই, লালৰিংথাং মাৰ আৰু বৰজুনা মাৰ নামৰ তিনিজন ড্ৰাগ্ছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। তেখেতসকলৰ আধাৰতেই এই অভিযান চলোৱা হৈছে বুলি জনালে অতিৰিক্ত আৰক্ষী অধীক্ষকে ।
উৎস : প্ৰাগ নিউজ ডিজিটেল