ডিজিটেল ডেস্ক : ব্যক্তিগত কাৰণৰ দোহাই দি গুজৰাট টাইটানছৰ পেচাৰ কাগিছু ৰাবাডাই চলিত আই পি এল আধাতে সামৰি স্বদেশলৈ উভতি যায়। দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ ৰাবাডাই গুজৰাটৰ হৈ প্রথম দুখন খেলত নামি ৮৩ ৰানত দখল কৰে দুটা উইকেট। 'কাগিছু ৰাবাডাই জৰুৰী ব্যক্তিগত কাৰণৰ বাবে স্বদেশলৈ উৰা মাৰে।' গুজৰাটৰ এক সূত্রই কয়।
২০১৮ চনৰ পৰাই আই পি এলত খেলি অহা ৰাবাডাই ৮২খন মেচত দখল কৰিছে ১১৯টা উইকেট। চলিত আই পি এলত গুজৰাট টাইটানছৰ সদস্য ৰাবাডাই ইয়াৰ আগেয়ে পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ হৈ খেলিছিল। দক্ষিণ আফ্রিকান তাৰকা ৰাবাডাই ২০২০ চনৰ সংস্কৰণত দখল কৰিছিল ৩০টা উইকেট। ৰাবাডা কি ব্যক্তিগত কাৰণত স্বদেশলৈ উভতিল সেয়া জানিব পৰা হোৱা নাই।
তদুপৰি তেওঁ কেতিয়া ভাৰতলৈ উভতিব সেয়াও এই মুহূর্তত ক'ব পৰা অৱস্থাত নাই। গুজৰাটৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য ৰাবাডাৰ অনুপস্থিতিয়ে দলৰ প্ৰদৰ্শনত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। ৰাবাডাই চলিত প্রতিযোগিতাখনত যোৱা শনিবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অন্তিম মেচ খেলিছিল। আনহাতে, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে বুধবাৰে গুজৰাটৰ হৈ খেলা নাছিল ৰাবাডাই।