ডিজিটেল ডেস্ক : প্রাক্তন প্রশিক্ষক কার্লো এন্সেলেট্টীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই ব্রাজিলৰ দললৈ উভতি আহিছে কাকা। অৱশ্যে, তেওঁক ফুটবলাৰ হিচাপে নহয়, ৰাষ্ট্ৰীয় দলৰ সহকাৰী প্ৰশিক্ষক হিচাপেহে দেখা পোৱা যাব। ব্রাজিলৰ ফুটবল কনফেডাৰেশ্যনে যোৱা সপ্তাহত আনুষ্ঠানিকভাৱে এন্সেলেট্টীক মুখ্য প্রশিক্ষক ৰূপে ঘোষণা কৰিছিল। একে সময়তে অভিজ্ঞ প্রশিক্ষকগৰাকীক নিজৰ পচন্দৰ সহকাৰী ষ্টাফ নির্বাচন কৰাৰ স্বাধীনতা দিয়া হয়।
ছাম্বা ফুটবল শৈলীৰ সৈতে খৰতকীয়াকৈ খাপ খুৱাবলৈ এন্সেলেট্টীয়ে এনে এগৰাকীক বিচাৰিছে, যাৰ সৈতে তেওঁৰ ভাল। বুজাবুজি আছে। সেইমতে, কাকাৰ সৈতে যোগাযোগ কৰে এন্সেলেট্টীয়ে। দুয়োৰে মাজত দীঘলীয়া আলোচনা হয়। ইয়াৰ পাছতেই কাকাই ব্রাজিল দলত যোগদানৰ সিদ্ধান্ত লয়। এন্সেলেট্টীৰ প্ৰশিক্ষণতে এ চি মিলানৰ হৈ উৱেফা চেম্পিয়নছ লীগসহ একাধিক ট্রফী জিকিছিল কাকাই। ২০০৭ চনত বেলুন ডি অ' বঁটা পোৱা কাকাই ২০১৭ চনত ফুটবলৰ পৰা অৱসৰ লৈছিল।