প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰঙীন কেছেটৰ কভাৰেৰে ব্যতিক্ৰমী শ্যামা পূজা

Kakali Deka October 21, 2025

ডিজিটেল ডেস্কঃ এখন ব্যতিক্ৰমী শ্যামা পূজা । জুবিন গাৰ্গ বিহীন প্ৰথমটো দীপাৱলী আৰু কালী পূজাৰ দিনটোত গোৰেশ্বৰত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰম দৃশ্য। 

গোৰেশ্বৰ বজাৰ ৰ'ড শ্ৰীশ্ৰী শ্যামা পূজাস্থলীত এইবাৰ জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰে পালন কৰা হ’ল কালী পূজা। পূজা মণ্ডপত স্থান পালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কণ্ঠদান কৰা বিভিন্ন গীতৰ আৰু বোলছবিৰ গীত কেছেটৰ ৰঙীন কভাৰে। চতুৰ্দশ সংখ্যক গোৰেশ্বৰ বজাৰ ৰ'ড শ্যামা পূজা সমিতিৰ দ্বাৰা দুদিনীয়াকৈ আয়োজিত পূজা মণ্ডপে দৃষ্টি আকৰ্ষণ কৰিছে। আয়োজক সকলে অসমৰ প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিৱেদন কৰাৰ অৰ্থে এইবেলি ব্যতিক্ৰমী ৰূপত জুবিন গাৰ্গৰ বিভিন্ন আলোকচিত্ৰ আৰু কেছেটৰ কভাৰৰে আটোম টোকাৰীকৈ সজাই তুলিলে পূজা মণ্ডপ। 

আনহাতে পূজা মণ্ডপত বিশেষ স্থান পালে জুবিন গাৰ্গ মায়াবিনী গীতটোৱে। সম্পূৰ্ণ গীতটো লিপিবদ্ধ কৰাই ফ্লেক্স আঁৰি দিয়া হ’ল মণ্ডপৰ ওপৰৰ অংশত। কোনো কালে অসমবাসীৰ অভাৱ পূৰণ কৰিব নোৱৰা শিল্পীগৰাকীলৈ এইদৰে মৰম আৰু শ্ৰদ্ধা নিৱেদন কৰিলে শ্যামা পূজা সমিতিয়ে। আনহাতে পুৱাৰ ভাগত জুবিন গাৰ্গৰ স্মৃতিত বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ বাকৰিত ৰোপণ কৰা হয় নাহৰৰ গছপুলি। আনহাতে দুদিনীয়াকৈ বৈদিক ৰীতি-নীতিৰে পালন কৰা শ্যামা পূজা উপলক্ষে মহিলাৰ নাম-প্ৰংসগ, নাগাৰা নাম আদি আয়োজিত হ’ব।

Share This