কলিয়াবৰত পুনৰ বোৱাৰীৰ আত্মহত্যাৰ ঘটনা

Kakali Deka May 28, 2025

ডিজিটেল ডেস্কঃ সোমবাৰে কলিয়াবৰৰ শান্তিপুৰত এগৰাকী মহিলা ঘৰৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পাছত মঙলবাৰে নিশা বৰঘুলিতো ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ । নিশা নিজ গৃহৰ গা-ধোৱা ঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ । কলিয়াবৰৰ ৩ নং বৰঘুলিত সংঘটিত হৈছে এই ঘটনা।

মৃত অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকী দিনেশ্বৰ তিৱাৰীৰ পত্নী ৰিংকী তিৱাৰী । ঘটনাৰ সময়ত স্বামী ঘৰত নাছিল, আছিল একমাত্ৰ শহুৰেক।

চাৰি বছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা ৰিংকী সন্তানহীন আছিল । ঘটনাস্থলীত চুলুং আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

ৰিংকীৰ মৃত্যু ৰহস্যক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This