বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিবলৈ আহি আছে কান্তাৰা-২

Kakali Deka January 28, 2025

ডিজিটেল ডেস্ক : পুষ্পা-২ ৰ পাছত এতিয়া ছবিগৃহলৈ আহি আছে আন এখন বিশেষ ছবি কান্তাৰা-২। অভিলেখ ভংগ হোৱাৰ দিশে পুষ্পা-২’ৰ।উল্লেখযোগ্য যে দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্ধানাৰ ছবি ‘পুষ্পা-২’ বিগত বৰ্ষৰ ডিচেম্বৰ মাহত মুক্তি পাইছিল।মুক্তি লাভৰ পাছতেই এই ছবিখনে বক্স অফিচত এক চুনামিৰ সৃষ্টি কৰিছিল।কেৱল দেশৰেই নহয়, সমগ্ৰ বিশ্বৰ অনুৰাগীৰ পৰাও যথেষ্ট মৰম লাভ কৰিবলৈ সক্ষম হৈছিল পুষ্পা-২-ৱে। 

টিকত বিক্ৰীৰ ক্ষেত্ৰত এই ছবিখনে ইমানেই ধুমুহাৰ সৃষ্টি কৰিছিল যে তুলনামূলকভাৱে বলিউডৰ ছবিবোৰো ম্লান হৈ পৰিছিল।পুষ্পা-২ ছবিখনে বক্স অফিচত ১৮০০ কোটিৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।পুষ্পা-২ৰ পাছত এতিয়া দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে আন এখন ব্লকবাষ্টাৰ ছবি কান্তাৰা-২লৈ।

উল্লেখযোগ্য যে ২০২২ চনত কান্তাৰা-২ৱে কানাড়া চলচ্চিত্ৰ জগতত আলোড়নৰ সৃষ্টি কৰিছিল।ছবিখনত অভিনেতা-অভিনেত্ৰীসকলে কৰা বলিষ্ঠ অভিনয়ত সকলো স্তম্ভিত হৈ পৰিছিল। অৱশ্যে আৰম্ভণিৰ পৰাই ছবিখন বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে। কৰ্ণাটকৰ গভীৰ অৰণ্যত চলি আছে কান্তাৰা-২ৰ শ্বুটিং। আনহাতে এই ছবিখনে মুক্তি লাভ কৰিব ২০২৫ৰ ২ অক্টোবৰত। স্থানীয় বিশ্বাস আৰু লোকবিশ্বাসৰ ওপৰত আধাৰিত এই ছবিখন হ’ব এখন ব্লকবাষ্টাৰ ছবি।কান্তাৰা-২ ছবিৰ ছিকুৱেলৰ বাজেট ১২৫ কোটি টকা।

Share This