ডিজিটেল ডেস্ক : দেশৰ সীমান্তত যুদ্ধৰ দামামা বাজিছে৷ দেশজুৰি সৃষ্টি হৈছে চেপা উত্তেজনা, যুদ্ধৰ আলোচনা৷ বীৰদৰ্পে যুদ্ধভুমিত আগুৱাইছে ভাৰতীয় সেনা৷ ইয়াৰ মাজতে চৰ্চালৈ আহিছে কলিয়াবৰৰ কাৰ্বি আংলং সীমান্তৰ দুখন দুৰ্গম গাঁও৷ গাঁও দুখনৰ হৈছে মহৰি ৰংহাং আৰু লংকৈ তিছ গাঁও৷
কাৰ্বি বসতিপ্ৰধান এইদুখন গাঁৱৰ বুঢ়াসকলে দেখিছিল দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকাময় দিন৷ অকল দেখাই নহয়, এই দুয়োখন গাঁৱতে সিঁচৰতি হৈ আছে দ্বিতীয় মহাসমৰৰ বহু চিনা-নিচিনা অদ্ভুত সমল৷ এই গাঁৱৰ পূৰ্বৰ মানুহে দেখিছিল সীতাৰাম পাহাৰৰ চূড়াত থেকেচা খাই উফৰি পৰা আমেৰিকান সেনাৰ যুঁজাৰু বিমানৰ অগ্নিশিখা৷ বুটলি আনিছিল ধ্বংসপ্ৰাপ্ত বিমানৰ পৰা পাহাৰতলীত সিঁচৰতি হৈ পৰি ৰোৱা নানান যন্ত্ৰাংশ, বৈমানিকৰ ঘড়ী, ব'মৰ খোলা অথবা চিলিণ্ডাৰৰ আকৃতিৰ অদ্ভুত সা-সৰঞ্জাম৷
পাহাৰীয়া জিলাখনৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত এই দুখন গাঁৱৰ বিদ্যাৰাম সিংনাৰ আৰু বিদ্যাৰাম টেৰণৰ ঘৰৰ লগতে পাহাৰতলীৰ গাঁওবুঢ়াৰ ঘৰটো সংৰক্ষিত হৈ আছে দ্বিতীয় মহাসমৰৰ আমেৰিকান যুদ্ধ বিমানৰ পৰা সৰি পৰা বহু সামগ্ৰী৷
প্ৰায় আঢ়ৈ ফুট ওখ, দুফুট বহল আৰু বিশ, পঁচিশ কিলোগ্ৰাম ওজনৰ ৰহস্যজনক সামগ্ৰীৰ লগতে যুদ্ধবিধ্বস্ত আমেৰিকান বিমানখনৰ বল বেয়াৰিং সদৃশ সামগ্ৰীও সংৰক্ষণ হৈ আছে অঞ্চলটোত৷
এতিয়া সীমান্তত যুদ্ধৰ দামামা বাজি উঠাৰ সময়তে পাহাৰচূড়াত দ্বিতীয় মহাসমৰৰ বিমান পৰি ৰোৱা গাঁওদুখনৰ নামো চৰ্চাৰ বিষয় হৈ পৰিছে দ্বিতীয় বিশ্ব যুদ্ধত ব্যৱহৃত এইসমূহ সামগ্ৰীৰ বাবে৷
উৎস: প্ৰাগ নিউজ ডিজিটেল