কাশ্মীৰত পাক সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ,  ভাৰতীয় সেনাৰ  তিনিজন জোৱান নিহত

Jyoti Borah August 05, 2023

ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাৰ তেজেৰে পুনৰ ৰাঙলী হ’ল ভূস্বৰ্গ কাশ্মীৰৰ ভূমি।  শুকুৰবাৰে সন্ধিয়া কুলগামৰ হালান বনাঞ্চলত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে তালাচী অভিযান চলাই থকাৰ সময়তে পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে। কুলগাম জিলাত সংঘটিত এই আক্ৰমণৰ ঘটনাত  তিনিজন সেনা জোৱান নিহত হৈছে। সেনাৰ সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদীৰ উপস্থিতিৰ কথা গম পোৱাৰ  পিছতেই  শুকুৰবাৰে সন্ধিয়া কুলগামৰ হালান বনাঞ্চলত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে।যুটীয়া বাহিনীয়ে হাবিৰ মাজত  চাৰিওফালৰ পৰা সন্ত্ৰাসবাদীৰ দলটোক  ঘেৰি ধৰাৰ সময়তে সন্ত্ৰাসবাদীয়ে  জোৱানসকলৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে। সন্ত্ৰাসবাদীৰ  গুলীচালনাত তিনিজন সেনা জোৱান থিতাতে  নিহত হয়। সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে অঞ্চলটোত সন্ত্ৰাসবাদীৰ দলটোক আটক কৰিবলৈ  এতিয়াও অভিযান চলি আছে।
ভাৰতীয় সেনাই  টুইটযোগে কয়, "কুলগামৰ হালানতস ন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ পোৱাৰ পিছত শুকুৰবাৰে সন্ধিয়া নিৰাপত্তাৰক্ষীয়ে অভিযান আৰম্ভ কৰে।" 

সেনাই এইবুলিও  কৈছেযে অঞ্চলটোলৈ অধিক সৈন্য প্ৰেৰণ কৰা হৈছে আৰু অভিযান তীব্ৰতৰ কৰা হৈছে।

উল্লেখ্য চলিত বৰ্ষৰ এপ্ৰিল আৰু মে’ মাহত কাশ্মীৰৰ  পুঞ্চ আৰু ৰাজৌৰী জিলাত দুটা পৃথক সন্ত্ৰাসবাদী আক্ৰমণত ভাৰতীয় সেনাৰ ১০ জন জোৱান নিহত হৈছিল।

Share This