ডিজিটেল ডেস্কঃ পাকিস্তান সেনা মুৰব্বী আছিম মুনিৰে জম্মু-কাশ্মীৰৰ সন্ত্রাসবাদক 'বৈধ সংগ্রাম' বুলি অভিহিত কৰি কয় যে কাশ্মীৰৰ সংগ্ৰামত তেওঁৰ দেশ সদায়ে কাশ্মীৰীৰ কাষত আছে। ভাৰত-পাকিস্তানে এক বিপজ্জনক সংঘাতত জড়িত হোৱাৰ কেই সপ্তাহমানৰ পাছতে ফিল্ড মার্শ্বেল মুনিৰে ভাৰতক সতৰ্ক কৰি দিয়ে যে যদি ভাৰতে ভৱিষ্যতে আক্রমণ কৰে তেন্তে 'সমুচিত প্রতিক্রিয়া' পাব।
শনিবাৰে কৰাচীত পাকিস্তান নেভেল একাডেমিৰ এটা অনুষ্ঠানত দিয়া ভাষণত মুনিৰে কয়, ভাৰতে যিটোক সন্ত্রাসবাদ বুলি কয়, দৰাচলতে সেয়া স্বাধীনতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় আইনৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত এক বৈধ আৰু আইনসংগত সংগ্রাম।' তেওঁ দাবী কৰে, 'যিসকলে কাশ্মীৰীসকলৰ ইচ্ছাক দমন কৰিবলৈ চেষ্টা কৰিছে আৰু সমাধানৰ সলনি সংঘাত বৰ্জনৰ বাট লৈছে, তেওঁলোকে নিজৰ কাৰ্যকলাপৰ দ্বাৰা এই আন্দোলন অধিক প্রাসংগিক কৰি তুলিছে।' তেওঁ কয় যে আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে সংগ্ৰামত পাকিস্তান সদায়ে কাশ্মীৰী লোকৰ কাষত থাকিব। তেওঁ কয়, ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ আৰু কাশ্মীৰী লোকৰ আকাংক্ষা অনুসৰি কাশ্মীৰ সমস্যাৰ ন্যায়সংগত সমাধানৰ পাকিস্তান দৃঢ় সমর্থক।' উল্লেখযোগ্য যে মুনিৰে পূৰ্বতে কাশ্মীৰক পাকিস্তানৰ মাতৃকা সিৰা (হৃদপিণ্ডৰ পৰা মূৰলৈ তেজ বৈ নিয়া মূল ৰক্ত ধমনী) বুলি অভিহিত কৰিছিল। ইফালে ভাৰতেও বাৰে বাৰে পাকিস্তানক কৈ আহিছে যে জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্রীয় শাসিত অঞ্চল ভাৰতৰ অখণ্ড অঞ্চল হৈ 'আছিল, আছে আৰু থাকিব।'
উল্লেখযোগ্য যে ভাৰতে ২০১৯ চনৰ ৫ আগষ্টত জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা দিয়া সংবিধানৰ ৩৭০ অনুচ্ছেদ প্রত্যাহাৰ কৰা তথা ৰাজ্যখনক দুটা কেন্দ্রীয়শাসিত অঞ্চলত বিভক্ত কৰাৰ পাছতে ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্কৰ পতন ঘটিছিল।