ডিজিটেল ডেস্ক: অযোধ্যাৰ ৰাম মন্দিৰত কাশ্মীৰৰ ৫৫ বছৰীয়া এজন ব্যক্তিয়ে নামাজ পঢ়াৰ প্ৰচেষ্টা চলোৱা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাশ্মীৰৰ পৰা অহা ব্যক্তিজনে মন্দিৰৰ দক্ষিণৰ প্ৰাচীৰৰ কাষত নামাজ পঢ়াৰ বাবে কাপোৰ পৰাৰ সময়তে তাত থকা নিৰাপত্তাবাহিনীৰ লোকে তেওঁক নামাজ পঢ়াত বাধা দিয়ে আৰু কৰায়ত্ত কৰে। সেই সময়ত ব্যক্তিজনে শ্ল'গান দিবলৈ ধৰে। এই বাতৰি পোৱাৰ লগে লগে ঘটনাস্থলীত চোৰাংচোৱা, আৰক্ষী তথা প্রশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত হয়। পাছত ব্যক্তিজনক ৰাম মন্দিৰ চৌহদত থকা আৰক্ষীৰ নিয়ন্ত্রণ কক্ষলৈ লৈ যোৱা হয়। জেৰাত ব্যক্তিজনে নিজকে আবু আহমেদ শ্বেখ বুলি পৰিচয় দিয়ে আৰু তেওঁ কাশ্মীৰৰ শ্বপিয়াঁৰ পৰা অহা বুলি জনায়। তেওঁক আৰক্ষীৰ নিয়ন্ত্রণ কক্ষত জেৰা কৰা হয়। আবু আহমেদে বিহাৰৰ পথেৰে উত্তৰ প্ৰদেশত প্ৰৱেশ কৰি অযোধ্যালৈ আহে।
প্ৰাৰম্ভিক তদন্তৰ পৰা জানিব পৰা মতে আবু আহমেদে ৰাম মন্দিৰ দৰ্শন কৰাৰ পাছত সীতা ৰছোইৰ কাষত নামাজ পঢ়াৰ চেষ্টা কৰে। অযোধ্যাৰ এছ এছ পি গৌৰৱ গ্রোভাৰে জনোৱা মতে, আবু আহমেদে নামাজ পঢ়াৰ চেষ্টা কৰাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে কৰায়ত্ত কৰে। তেওঁ দিয়া স্বীকাৰোক্তিৰ সত্যতা পৰীক্ষা কৰাৰ কাৰণে আৰক্ষীয়ে চি চি টিভিৰ ফুটেজ বিশ্লেষণ কৰি আছে। নিৰাপত্তা বাহিনীৰ লোকে তেওঁৰ তালাচী লোৱাৰ সময়ত কাজু আৰু খিচমিচ উদ্ধাৰ কৰে। এই ব্যক্তিজন কি কাৰণত ৰাম মন্দিৰত প্ৰৱেশ কৰিছিল আৰু কিয় মন্দিৰ চৌহদত নামাজ পঢ়াৰ চেষ্টা কৰিছিল সেই তথ্য উদ্ধাৰৰ চেষ্টা কৰি আছে আৰক্ষীয়ে। জানিব পৰা মতে, আবু আহমেদ মন্দিৰৰ গেট ডি-১ৰে মন্দিৰত প্ৰৱেশ কৰিছিল। তেওঁ নামাজ পঢ়িবলৈ চেষ্টা কৰা স্থান মূল মন্দিৰৰ পৰা মাত্র দুশ কিল'মিটাৰ আঁতৰত।
উল্লেখযোগ্য যে মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত আধাৰ কাৰ্ডকে ধৰি আন পৰিচয়-পত্ৰসমূহ পৰীক্ষা কৰা নহয় আৰু ইয়াৰে সুযোগ লৈ তেওঁ মন্দিৰত প্ৰৱেশ কৰে। গ্রোভাৰে জনোৱা মতে আবু আহমেদৰ পৰা তেওঁৰ আধাৰ কাৰ্ড উদ্ধাৰ কৰা হয়। তেওঁ জনোৱা মতে, সীতা ৰছোইৰ কাষত তেওঁ কাপোৰ পাৰি নামাজ পঢ়িবলৈ বহাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে তেওঁক ইয়াত বাধা দি কৰায়ত্ত কৰে। ইফালে শ্বপিয়াঁত থকা আবুৰ বাসভৱনত উপস্থিত হয় নিৰাপত্তা বাহিনীৰ লোক। আবু আহমেদৰ পুত্ৰই নিৰাপত্তা বাহিনীৰ লোকক জনায় যে তেওঁৰ পিতৃ ৫-৬ দিনৰ আগতে ঘৰৰ পৰা ওলাই গৈছিল। তেওঁ অযোধ্যালৈ কিয় গৈছিল আৰু তাত কি হৈছিল সেই বিষয়ে পৰিয়ালৰ লোকে একোকে নাজানে। এই ঘটনাৰ পাছত মন্দিৰ চৌহদৰ নিৰাপত্তা অধিক কঠোৰ কৰা হৈছে।