ডিজিটেল ডেস্ক : দক্ষিণ এছিয়াত স্থায়ী শান্তি স্থাপনৰ স্বাৰ্থত ভাৰত আৰু পাকিস্তানে প্রত্যক্ষ আলোচনাত মিলিত হোৱা উচিত। ভাৰতৰ দীৰ্ঘ সময়ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। এই মন্তব্য কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা তথা অল পাটি হুৰিয়ৎ কনফাৰেন্সৰ (মিৰৱেইজ) মুৰব্বী মীৰৱীইজ ওমৰ ফাৰুকৰ।
শ্রীনগৰৰ জামিয়া মছজিদত এটা অনুষ্ঠানত ভাগ লৈ শুকুৰবাৰে ফাৰুকে কয় যে ইৰান আৰু আমেৰিকাৰ বুজাবুজিৰ চুক্তিয়ে যিদৰে মধ্য প্রাচ্যত অশান্ত পৰিস্থিতি শাম কটাত সহায় কৰিছে ঠিক তেনেদৰে ভাৰত-পাকিস্তানেও কূটনৈতিকভাৱে পোনপটীয়া আলোচনাত বহাৰ পৰিৱেশ সৃষ্টি কৰিব লাগে।
তেওঁ কয় যে আঞ্চলিক শান্তি প্রতিষ্ঠাৰ ক্ষেত্ৰত ভাৰত আৰু পাকিস্তানৰ বিশেষ দায়বদ্ধতা আছে। যুদ্ধই ধ্বংসলীলাৰ লগতে অপৰিসীম দুখ-কষ্টৰহে সৃষ্টি কৰে বুলি উল্লেখ কৰি ফাৰুকে কয় যে শান্তি স্থাপনৰ বাবে আলোচনা, বুজাবুজি আৰু নেতৃত্বৰ গুণৰ প্রয়োজন। যিটো প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আগবঢ়ায় নিব পাৰে।