ডিজিটেল ডেস্ক : ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হ'বলগীয়া মস্কো উশ্বু ষ্টাৰ চেম্পিয়নশ্বিপত দেশৰ হৈ প্রতিনিধিত্ব কৰাৰ বাবে ডিব্ৰুগড় পৰা ৰাওনা হৈছে কাশ্যপী সোণোৱাল। ডিব্ৰুগড় কদমণিৰ ৰেৱা আগৰৱালা পথৰ নিৱাসী জয়ন্ত সোণোৱাল আৰু চিংকুমণি সোণোৱালৰ কন্যা তথা ডিব্ৰুগড় সম্পূর্ণ কেন্দ্রীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত কাশ্যপী সোণোৱালক বিগত ২ মে'ৰ পৰা ৬ মে'লৈ উত্তৰাখণ্ডৰ ডেৰাডুনৰ ৰায়পুৰত অনুষ্ঠিত হোৱা বাছনী পৰীক্ষাত অংশগ্ৰহণ কৰি ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হ'বলগীয়া মস্কো উশ্বু ষ্টাৰ চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলটোলৈ নির্বাচিত হৈছিল।
উল্লেখযোগ্য যে কাশ্যপী সোণোৱালে ইতিমধ্যে ডিব্ৰুগড় জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তত আৰু পঞ্জাব, কলকাতা, ঝাৰখণ্ড, হিমাচল প্রদেশ, ইম্ফল, মণিপুৰ, শ্বিলং, উত্তৰাখণ্ডৰ উপৰি চীন, ৰাছিয়া আদিত অংশগ্ৰহণ কৰি সোণ, ৰূপ অর্জন কৰি খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পূৰ্বে খেলুৱৈগৰাকী ২০২২-ত-ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাখনতো দেশৰ হৈ প্রতিনিধিত্ব কৰি চতুর্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।