প্ৰথম দিনা কস্তুৰী গগৈৰ স্বৰ্ণ

dainik janambhumi August 05, 2025

ডিজিটেল ডেস্ক : বেংগালুৰুত সোমবাৰৰ পৰা আৰম্ভ হোৱা ৪১ সংখ্যক ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰত প্ৰথম দিনাই অসমৰ কস্তুৰী গগৈয়ে স্বর্ণপদক অর্জন কৰিছে। ছোৱালীৰ গ্ৰুপ-থ্রী শাখাত প্রতিদ্বন্দ্বিতা কৰা কস্তুৰীয়ে ১০০ মিটাৰ ব্ৰেষ্টষ্ট্রোক ইভেন্টত শীর্ষ পদকটো জয়ৰ বেলিকা ১:২০.৪৭ ছেকেণ্ড সময় লৈ লক্ষ্যত উপনীত হয়। আনহাতে, একেদিনাই গ্রুপ-থ্রী ল'ৰাৰ ৪×৫০ মিটাৰ ফ্ৰীষ্টাইল ৰীলে ইভেন্টত অসমৰ দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰিছে। অসমক প্রতিনিধিত্ব কৰা বীহান ব্ৰহ্মচার্য, আহান তালুকদাৰ, চৌৰিশ দত্ত আৰু অভিজ্ঞান মোহনৰ সন্মিলিত শক্তিয়ে ব্ৰঞ্জ জয়ৰ বেলিকা সময় লয় ১:৫৭.৮৯ ছেকেণ্ড। 

দলটোৰ প্রশিক্ষক বাবুল গুৰুং আৰু মেনেজাৰৰ দায়িত্বত আছে জেমছ মৰাণ। ইফালে গুজৰাটৰ আহমেদাবাদস্থিত নাৰণপুৰা স্পর্টছ কমপ্লেক্সত (৩-৭ আগষ্ট) চলি থকা ৫১ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰত সোমবাৰে দ্বিতীয় দিনা অসমৰ প্ৰয়াস গগৈ আৰু জ্ঞানদীপ বৰগোহাঁয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। 

ইয়াৰে গ্ৰুপ-টুৰ ২০০ মিটাৰ ফ্ৰী-ষ্টাইল ইভেন্টত প্রয়াসে ব্রঞ্জজয়ী সফলতা অর্জন কৰে ২:০৩.১৫ ছেকেণ্ড সময় লৈ। আনহাতে, জ্ঞানদীপে ১০০ মিটাৰ বেকষ্ট্ৰোক ইভেন্টত ব্ৰঞ্জৰ পদক অৰ্জনৰ বেলিকা সময় লয় ১:০৫.৬১ ছেকেণ্ড।

Share This