আজিৰ পৰা বন্ধ কাজিৰঙা

dainik janambhumi May 29, 2026

ডিজিটেল ডেস্ক : বিশ্বৰ সৰ্বাধিক এটা খর্গ থকা গঁড়ৰ বাসস্থান ঢেঁকীয়াপতীয়া বাঘ, দুষ্প্রাপ্য দল হৰিণ, এছীয় ম'হ, হাতীকে ধৰি জৈৱ বৈচিত্র্যৰে ভৰপূৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰ পৰা  পৰ্যটকৰ কাৰণে বন্ধ কৰা হ'ল। ২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পর্যটকে এলিফেন্ট বা হাতী ছাফাৰী কৰিব নোৱাৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই এক জাননীযোগে এই বাৰ্তা প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৫ মে'ৰপৰা পৰ্যটকৰ বাবে ছাফাৰী বন্ধ কৰা হৈছিল যদিও পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি ২৮ মে' অর্থাৎ আজিলৈকে বৃদ্ধি কৰা হৈছিল। 

বিভাগীয় সূত্রে জানিব পৰা মতে, বাৰিষা বতৰৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা, অগৰাতলি, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত দেশ-বিদেশৰ পৰ্যটকৰ বাবে জীপ ছাফাৰী বন্ধ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া অৰুণ বিগ্নেশে এক জাননী যোগে ঘোষণা কৰা মতে, ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে কাজিৰঙাত জীপ ছাফাৰী বন্ধ কৰিছিল। কিন্তু পুনৰ আন এখন জাননীযোগে কাজিৰঙাত জীপ ছাফাৰী চাৰিদিনৰ বাবে বৃদ্ধি কৰা হয়। উল্লেখযোগ্য যে পৰৱৰ্তী সময়ত জাননী নিদিয়া পর্যন্ত ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে কাজিৰঙাত ছাফাৰী বন্ধ থাকিব। বাৰিষা নামি অহাৰ লগে লগে বৰষুণ হোৱাত পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জীপ ছাফাৰী কৰা বাট-পথ বোকাময় হৈ পৰে। ফলত জীপ ছাফাৰীৰ বাহন উদ্যানৰ পথত চলাচল কৰাত সমস্যাই দেখা দিয়ে। অন্যহাতে, বাৰিষা ঋতুত ৰাষ্ট্ৰীয় উদ্যানখনত থকা বহু সংখ্যক বন্য প্রাণীৰ সংগম তথা বংশবৃদ্ধিৰ সময়ো হয়। ইফালে ঘাঁহনি পানীৰ তল যোৱাত বন্য প্রাণীয়ে ওখ ঠাই বিচাৰি পৰ্যটকে ছাফাৰী কৰা পথৰ ওপৰত আশ্রয় লয়। তেনে পৰিস্থিতিত জীপ ছাফাৰীৰ বাহন বা আন লোকৰ বিচৰণে বন্য প্রাণীৰ অসুবিধাৰ সৃষ্টি হোৱাৰ বাবে উদ্যান কর্তৃপক্ষই জীপ ছাফাৰী বন্ধ কৰিবলৈ বাধ্য হয়। জীপ ছাফাৰী বন্ধ কৰাৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এলিফেন্ট ছাফাৰী এপ্রিল মাহৰ শেষৰ দিনা বন্ধ কৰা হৈছিল। এটা গুৰুত্বপূৰ্ণ কথা যে শেষৰ দিনাও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ যথেষ্ট সংখ্যক পৰ্যটকে ভিৰ কৰা দেখা গৈছিল। ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা পথবোৰ বৰষুণ দিয়াৰ ফলত বোকা হৈ পৰিছিল। ফলত উদ্যান কর্তৃপক্ষই পৰ্যটকৰ বাহন পূর্বে যিমান দূৰলৈকে ভ্ৰমণ কৰাৰ অনুমতি দিছিল, তাক হ্ৰাস কৰিবলৈ বাধ্য হৈছিল উদ্যান কর্তৃপক্ষ। 

কিন্তু ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ বাবে পর্যটকে বন বিভাগক সম্পূর্ণ ধন আদায় দিয়াৰ পাছতো সম্পূর্ণ পর্যটন ট্রেক ভ্রমণ কৰাৰ পৰা বঞ্চিত হৈছিল।  বিভাগীয় সূত্রে জানিব পৰা মতে, ২০২৫-২৬ পৰ্যটন বৰ্ষত কাজিৰঙালৈ পৰ্যটকৰ আগমনে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে। এইবাৰ পৰ্যটন বর্ষত পাঁচ লক্ষাধিক অর্থাৎ ৪.৭০ লাখ দেশ-বিদেশৰ পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে।

Share This