ডিজিটেল ডেস্ক : কভিড মহামাৰিয়ে একপ্ৰকাৰ ধ্বংস কৰি যোৱাৰ পাছত ক্ৰমাৎ পুনৰ ঠন ধৰি উঠিছে ৰাজ্যৰ পৰ্যটন খণ্ডটো। যোৱা পাঁচ বছৰত অসমলৈ মুঠ ৩.৫৭ কোটিতকৈ অধিক পর্যটক আহিছে। ইয়াৰে ভিতৰত ১.২ লাখতকৈ অধিক হৈছে বিদেশী পর্যটক।
অসম বিধানসভাত বিধায়ক ভূপেন ৰায়ে সোধা এটা লিখিত উত্তৰত পৰ্যটন মন্ত্ৰী অজন্তা নেওগে এই পৰিসংখ্যা দাঙি ধৰে। তেওঁ সদনক অৱগত কৰে যে পাঁচ বছৰৰ এই সময়ছোৱাত অসমে ৩,৫৫,৭১,৫০০ গৰাকী ঘৰুৱা পৰ্যটক আৰু ১,২০,৮৮৪ গৰাকী বিদেশী পৰ্যটক লাভ কৰিছে, যাৰ ফলত মুঠ পৰ্যটকৰ আগমন ৩,৫৬,৯২,৩৮৪ গৰাকী হৈছেগৈ। মন্ত্ৰীগৰাকীয়ে দিয়া বিস্তৃত তথ্য মতে, ২০২১-২২ বর্ষত ১৭.০৩ লাখ, ২০২২-২৩ বর্ষত ৯৮.৩১ লাখ, ২০২৩-২৪ বর্ষত ৭০.৬৭ লাখ, ২০২৪-২৫ বর্ষত ৮৫.১৬ লাখ আৰু ২০২৫-২৬ বর্ষত ৮৫.৭৪ লাখ পর্যটক অসমলৈ আহিছে।
বিদেশী পৰ্যটকৰ আগমনো ২০২১-২২ বৰ্ষৰ ১,২৩১গৰাকীৰ পৰা ক্ৰমাগতভাৱে বৃদ্ধি পাই ২০২৫-২৬ বৰ্ষত ৪৭,০১৫গৰাকী হৈছেগৈ, যিটো পাঁচ বছৰৰ ভিতৰত সৰ্বাধিক। ইফালে ৰাজ্যৰ পৰ্যটনস্থলীসমূহৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আটাইতকৈ ডাঙৰ আকৰ্ষণৰ কেন্দ্ৰ হৈয়েই আছে।
২০২৫-২৬ বৰ্ষত কাজিৰঙালৈ ৪.৩৫ লাখ ঘৰুৱা পৰ্যটক আৰু ২৯,৮৮৩গৰাকী বিদেশী পৰ্যটকৰ আগমন হৈছে। কামাখ্যা মন্দিৰতো এই বছৰটোত ১৭.৫৫ লাখৰো অধিক ঘৰুৱা দর্শনার্থী আৰু ১,৭৫৫গৰাকী বিদেশী পর্যটক আহিছে। ইফালে অসম পৰ্যটনৰ বাবে ব্ৰেণ্ড এম্বেছেডৰ নিযুক্তি দিয়াৰ প্ৰস্তাৱ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে বৰ্তমান চৰকাৰৰ এনে কোনো পৰিকল্পনা বিবেচনাধীন হৈ থকা নাই।