৩১ মে'লৈকে খোলা কাজিৰঙা

dainik janambhumi May 21, 2025

ডিজিটেল ডেস্ক: পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত দেশৰ ভিতৰত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই যোৱা সোমবাৰৰ পৰা পৰ্যটকৰ বাবে ছাফাৰী বন্ধ ঘোষণা জাৰি কৰিছিল যদিও পুনৰ একে দিনাই নিশাৰ ভাগত আন এখন জাননী জাৰি কৰি মুকলি কৰে। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৪-২৫ পর্যটন বর্ষ যোৱা ১৮ মে'ত অন্ত পৰে। সেই অনুসৰি ১৯ মে'ৰ পৰা বন্ধ হয় উদ্যানৰ অন্তৰ্ভাগত পৰ্যটকৰ জীপ ছাফাৰী। কিন্তু বন্ধৰ এদিন পাছতে উদ্যান কর্তৃপক্ষই আগন্তুক ৩১ মে' পর্যন্ত পুনৰ মুকলি কৰি দিয়ে পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

পূব অসম বন্যপ্রাণী সংমণ্ডল প্ৰাধিকাৰী স্বাক্ষৰিত নিৰ্দেশনাটোত উল্লেখ কৰা মতে, ৰাইজৰ সেৱাৰ স্বাৰ্থত, পৰ্যটক আৰু ছাফাৰীৰ সৈতে জড়িত পৰ্যটন তত্ত্বাৱধায়কসকলৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই পুনৰ মুকলি কৰা হৈছে কাজিৰঙা। সেই অনুসৰি, ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বাগৰি আৰু অগৰাতলি বনাঞ্চল অহা ৩১ মে' পর্যন্ত মুকলি থাকিব। অৱশ্যে, অনিশ্চিত বতৰ, পৰ্যটন উপ-পথৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কর্তৃপক্ষই পৰ্যটকৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে সুবিধা অনুযায়ী উদ্যান দৰ্শনৰ বাবে কোনো কোনো পর্যটন উপ-পথ বন্ধ কৰা হ'ব পাৰে বুলিও উল্লেখ কৰিছে জাননীত।

তদুপৰি, উদ্যান কর্তৃপক্ষৰ তৰফৰ পৰা পৰ্যটকসকলক কাজিৰঙা ভ্ৰমণৰ পৰিকল্পনাৰ পূৰ্বে উদ্যানৰ শেহতীয়া তথ্যপঞ্জীৰ উমান ল'বলৈও পৰামৰ্শ আগবঢ়াইছে। উল্লেখ কৰা প্রয়োজন যে যোৱা ১ মে'ৰ পৰা উদ্যানত পৰ্যটকৰ বাবে হাতী ছাফাৰী বন্ধ হোৱাৰ পাছত এক নির্দেশনা অনুসৰি ১৯ মে'ৰ পৰা বন্ধ কৰা হৈছিল কাজিৰঙাৰ জীপ ছাফাৰী। ইফালে, ৩১ মে'লৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শনার্থীৰ বাবে পুনৰ মুকলি কৰাত কাজিৰঙাৰ একাংশ পর্যটন ব্যৱসায়ীয়ে মুখ্যমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰিছে।

Share This