২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব

dainik janambhumi October 03, 2025

ডিজিটেল ডেস্কঃ বিজয়া দশমীৰ উপলক্ষত আয়োজিত অনুষ্ঠানতে কেদাৰনাথ আৰু বদ্রীনাথ ধামৰ প'ৰ্টেল দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰাৰ দিন ঘোষণা কৰে মন্দিৰ কৰ্তৃপক্ষই। অহা ২৩ অক্টোবৰত শীত কালৰ বাবে কেদাৰনাথ ধামৰ প'ৰ্টেল আনুষ্ঠানিকভাৱে বন্ধ কৰা হ'ব।  শ্রীবদ্রীনাথ-কেদাৰনাথ মন্দিৰ সমিতিয়ে এই কথা বৃহস্পতিবাৰে প্রকাশ কৰে। 

আনহাতে, অহা ২৫ অক্টোবৰৰ বিয়লি ২.৫৬ বজাৰ পৰা বদ্রীনাথ ধামৰ প'ৰ্টেলো বন্ধ কৰা হ'ব। এই দিন দুটাৰ পৰাই কেদাৰনাথ আৰু বদ্রীনাথ ধামৰ দ্বাৰ তীৰ্থযাত্ৰীৰ বাবে বন্ধ কৰা হ'ব বুলি মন্দিৰ কৰ্তৃপক্ষই সদৰী কৰিছে। 

উল্লেখযোগ্য যে, প্ৰতিবছৰে শীতৰ সময়ত কেদাৰনাথ, বদ্রীনাথসহ চাৰিওখন ধামৰে যাত্রা স্থগিত ৰখা হয়।

Share This