পাঁচটাকৈ বঁটাৰে জিলিকিল কেন্ড্রিক লামাৰ, লছ এঞ্জেলছত ৬৮সংখ্যক গ্রেমী বঁটা প্রদান

dainik janambhumi February 03, 2026

ডিজিটেল ডেস্ক : আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত দেওবাৰে ৬৮সংখ্যক গ্রেমী বঁটা প্রদান অনুষ্ঠান সম্পন্ন হয়। কেইবাটাও শাখাত প্রদান কৰা এই বঁটা প্রদান অনুষ্ঠানত মার্কিন ৰেপাৰ আৰু গীতিকাৰ কেন্ড্রিক লামাৰে পাঁচটাকৈ শাখাত বঁটা লাভেৰে জিলিকি উঠিবলৈ সক্ষম হয়। 

তেওঁ 'ৰেকৰ্ড অব দ্য ইয়েৰ' দ্বৈত সংগীত আৰু শ্রেষ্ঠ ৰেপ এলবাম শিতানৰ লগতে আন দুটা শাখাত শ্রেষ্ঠত্বৰ বাবে গ্ৰেমী বঁটা লাভ কৰে। অনুষ্ঠানত শীর্ষ চাৰিটা শিতানত বঁটা লাভ কৰাসকল হ'ল- বছৰটোৰ শ্ৰেষ্ঠ গীত শিতানত বিজয়ী বিল্লী এইলিছ, ৰেকৰ্ড অব্‌ দ্য ইয়েৰ শিতানত বিজয়ী কেন্ড্রিক লামাৰ, এলবাম অব্ দ্য ইয়েৰ শিতানত বেড বান্নীয়ে বঁটা লাভ কৰাৰ বিপৰীতে শ্রেষ্ঠ নতুন শিল্পী শিতানত বঁটা লাভ কৰে অ'লিভিয়া ডিনে। 

তদুপৰি, শ্রেষ্ঠ পপ ভ'কেল এলবাম শিতানত লেডী গাগাই গ্ৰেমী লাভ কৰাৰ বিপৰীতে শ্রেষ্ঠ একক পপ সংগীত প্রদর্শন শিতানত লোলা য়ঙে বঁটা লাভ কৰে।

Share This