মুখ্যমন্ত্ৰীৰ আসনক লৈ কেৰালা কংগ্রেছত লবীকেন্দ্রিক ৰাজনীতি

dainik janambhumi May 07, 2026

ডিজিটেল ডেস্ক : নির্বাচনত জিকিলে, কিন্তু মুখ্যমন্ত্রী কোন হ'ব এই বিষয়ত কংগ্ৰেছৰ মাজত অভ্যন্তৰীণ সংঘাতৰ সৃষ্টি হৈছে। শেহতীয়াকৈ বিধানসভাৰ নিৰ্বাচনত কেৰালাত কংগ্রেছ নেতৃত্বাধীন ইউনাইটেড ডেম'ক্রেটিক ফ্রণ্টে (ইউ ডি এফ) বিপুল জয় সাব্যস্ত কৰে। কিন্তু জয়লাভৰ পাছতে মুখ্যমন্ত্রীকেন্দ্রিক সংঘাতৰ সৃষ্টি হৈছে কংগ্ৰেছৰ ভিতৰ চ'ৰাত। বিদ্রোহী গোটবোৰৰ মাজত নিৰ্বাচনৰ পূৰ্বে সংঘাতৰ অৱসান ঘটালেও নির্বাচনোত্তৰ সময়ত বিজয়ী হোৱাৰ পাছতে কেৰালা কংগ্ৰেছৰ পুনৰ লবীকেন্দ্রিক ৰাজনীতি আৰম্ভ হৈছে।

মুখ্যমন্ত্রী পদৰ বাবে তিনিজন নেতাৰ নাম চৰ্চিত হৈছে। পূৰ্বৰ বিৰাধী দলপতি ভি ডি ছাথেছান, এ আই চি চিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু জ্যেষ্ঠ নেতা ৰমেশ চেন্নিথালাৰ নাম চর্চালৈ আহিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে শেষ সিদ্ধান্ত ল'ব যদিও বর্তমান তিনিওজন মুখ্যমন্ত্ৰী পদৰ প্ৰত্যাশীৰ লবীকেন্দ্ৰিক ৰাজনীতি আৰম্ভ হৈছে। ৰাহুল গান্ধীৰ ঘনিষ্ঠ বুলি পৰিচিত কে চি বেণুগোপাল, ৰাজ্যখনৰ পূৰ্বৰ বিৰোধী দলপতি ছাথেছান আৰু কেইবাৰৰো বিধায়ক হোৱা ৰমেশ চেন্নিথালাৰ মাজত মুখ্যমন্ত্ৰীৰ পদক লৈ সংঘাত আৰম্ভ হৈছে।

চেন্নিথালাৰ জ্যেষ্ঠতা আৰু বিধায়িনী অভিজ্ঞতা অধিক। আনহাতে, ইণ্ডিয়ান ইউনিয়ন মুছলীম লীগৰ (২২খন আসন) শক্তিশালী সমর্থন আছে ছাথেছানৰ লগত। মুখ্যমন্ত্ৰীৰ আসনক লৈ কেৰালাত এতিয়া পুনৰ লবীকেন্দ্ৰিক ৰাজনীতি আৰম্ভ কৰে। কৰ্ণাটকৰ দৰে কেৰালাত অনুৰূপ পৰিস্থিতি হোৱাৰ সম্ভাৱনাই দেখা দিছে।

Share This