সন্তোষ ট্ৰফীৰ কোৱাৰ্টাৰত কেৰালা

dainik janambhumi January 30, 2026

ডিজিটেল ডেস্ক : ৭৯সংখ্যক সন্তোষ ট্রফী ফুটবলৰ মূল ৰাউণ্ডৰ গ্ৰুপ 'বি'ৰ কালিৰ খেলত ৰে'লৱে দলে ওড়িশা দলৰ সৈতে ১-১ গ'লত ড্র' খেলে। চিলাপথাৰত হোৱা দিনটোৰ প্রথমখন খেলত ওড়িশাৰ বিৰুদ্ধে ৰে'লৱে দলৰ সুব্রত মুর্মুৱে লোৱা এটা শ্বট ওড়িশাৰ গ'লকীপাৰ সিদ্ধান্ত প্ৰধানৰ ভুলৰ বাবে বল নেটত আশ্রয় লয়। দ্বিতীয়ার্ধত ওড়িশাৰ হৈ গ'ল দিয়ে অর্পণ লাকৰাই। উল্লেখযোগ্য যে সন্তোষ টুফীত ওড়িশা দলৰ এয়া প্রথমটো গ'ল। একেখন ষ্টেডিয়ামতে হোৱা দিনটোৰ গ্ৰুপ 'বি'ৰ দ্বিতীয়খন খেলত কেৰালা দলে মেঘালয় দলক ৩-০ৰ ব্যৱধানত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। 

কেৰালা দলৰ হৈ প্রথম অৰ্ধৰ ৩৬ মিনিটত গ'ল দিয়ে অর্জুন ভিয়ে। দ্বিতীয় অর্ধত ক্রমে ৭১ আৰু ৮৫ মিনিটত কেৰালা দলৰ হৈ গ'ল দিয়ে। মহম্মদ ৰিয়াছ আৰু মহম্মদ আজচলে। এই জয়েৰে কেৰালা দলে গ্রুপ বিত কোৱাৰ্টাৰ ফাইনেলত শীর্ষ স্থানৰ দল হিচাপে যোগ্যতা অর্জন কৰে। ইফালে, পঞ্জাব দলে প্রতিযোগিতাৰ প্রথমখন খেলত জয়ী হ'বলৈ সক্ষম হয়। ২৮ মিনিটত হৰমনপ্রীত সিঙে দিয়া গ'লৰ সহায়ত ছার্ভিছেছ দলক ১-০ ব্যৱধানত পৰাজিত কৰে পঞ্জাব দলে। উল্লেখযোগ্য যে গ্রুপ বিৰ বাকী ৫টা দলেই কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰাৰ সম্ভাৱনা আছে। গ্রুপ বিৰ ৩১ জানুৱাৰীত হ'ব লগীয়া তিনিখন খেলৰ ফলাফলে নির্ধাৰণ কৰিব কোন কোন দলে কোৱাৰ্টাৰ ফাইনেল খেলিব। ৩০ জানুৱাৰীত অসম দলে এখন গুৰুত্বপূৰ্ণ খেলত পশ্চিম বংগ দলৰ বিৰুদ্ধে ঢকুৱাখনা বিষ্টুৰাম দলে খেলপথাৰত দিনৰ দুই বজাৰ পৰা খেলিব। 

উল্লেখযোগ্য যে এইখন খেলত জয়ী হ'লে অসম দলে পোনপটীয়াকৈ কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিব। এইখন খেলপথাৰতে পুৱা ৯ বজাত ৰাজস্থান দলে নগালেণ্ড দলৰ বিৰুদ্ধে খেলিব। চিলাপথাৰ খেলপথাৰত উত্তৰাখণ্ড দলে অন্য এক মৰণপণ যুঁজত তামিলনাডু দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

Share This