ডিজিটেল ডেস্ক: আদানি গ্ৰুপৰ আদানি পৰ্টর্টছ এণ্ড স্পেচিয়েল ইকনমিক জ'ন লিমিটেডে (এ পি এছ ই জেড) নিৰ্মাণ কৰা কেৰালাৰ ভিজহিনজাম আন্তঃৰাষ্ট্ৰীয় বন্দৰ শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অত্যাধুনিক বন্দৰটো মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ সামুদ্রিক আক্তঃগাঁথনিত গুৰুত্বপূৰ্ণ বিকাশ হৈছে। ভাৰত চৰকাৰৰ সৈতে পাব্লিক-প্রাইভেট অংশীদাৰিত্বৰে আদানি গ্রুপে ৮,৯০০ কোটি টকা ব্যয় সাপেক্ষে এই বন্দৰটো নিৰ্মাণ কৰিছে।
বিগত বৰ্ষৰ ডিচেম্বৰত এই বন্দৰটোৰ বাণিজ্যিক গুৰুত্বৰ দিশত এটা সফল পৰীক্ষণ চলোৱা হৈছিল। এই অত্যাধুনিক বন্দৰটো মুকলি কৰাৰ ৰাজহুৱা অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে কয় যে এই ভিজহিনজাম বন্দৰে কেৰালাৰ লগতে দেশলৈ অর্থনৈতিক সুস্থিৰতা আনিব। মোদীয়ে কয় যে এফালে বহল সাগৰ আৰু আনফালে প্ৰকৃতিৰ সুন্দৰ ৰূপ, এই দুয়োটাৰ সংমিশ্রণত এই নবনির্মিত বন্দৰটো আন্তঃৰাষ্ট্ৰীয় বহুমুখী সুযোগৰে প্রতিষ্ঠিত হ'ব।
মোদীয়ে এটা গুৰুত্বপূৰ্ণ প্রয়োজনীয়তা এই বন্দৰৰ জৰিয়তে পূৰণ হ'ব বুলি মোদীয়ে কয় যে এই বন্দৰটোত বৃহৎ কাৰ্গ' জাহাজসমূহ ৰখাৰ ব্যৱস্থা আছে। ভাৰতে ৭৫ শতাংশ জাহাজৰ জৰিয়তে বাণিজ্য বিদেশৰ বন্দৰত কৰি আহিছে আৰু ইয়াৰ বাবে বহু ৰাজহ লোকচান হৈ আহিছিল, কিন্তু সেই অভাৱ এই বন্দৰৰ জৰিয়তে দূৰ হ'ব বুলি মোদীয়ে মন্তব্য কৰে।