কেৰালা, ৰে'লৱেৰ জয়, মেঘালয়-ছাভিচেজৰ খেল ড্র

dainik janambhumi January 28, 2026

ডিজিটেল ডেস্ক : ৭৯ সংখ্যক সন্তোষ ট্রট্ৰফীৰ গ্ৰুপ 'বি'ত  কালি কেৰালাই ওড়িশাক ১-০ গ'লত আৰু ৰে'লৱে দলে পঞ্জাবক ২-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে, দিনটোৰ আনখন খেলত মেঘালয় আৰু ছার্ভিচেজে ২-২ গ'লত ড্র খেলি পইন্ট ভগাই লয়। চিলাপথাৰত অনুষ্ঠিত খেলত পঞ্জাবৰ বিৰুদ্ধে খেলখনৰ ৮০ মিনিটত ১-০ গ'লৰ অগ্রগতি লাভকৰা ৰে'লৱে দলে গ'ল ব্যৱধান ২-০ কৰে অতিৰিক্ত সময়ৰ ৩ মিনিটত। 

ৰে'লৱেৰ হৈ গ'ল দুটা দিয়ে ছাবষ্টিটিউট খেলুৱৈ ইমাৰচন মেইটেই আৰু ছাবষ্টিটিউট খেলুৱৈ আব্দু ৰহিমে। চিলাপথাৰত হোৱা দ্বিতীয়খন খেলত ছার্ভিচেজে মেঘালয়ৰ সৈতে ২-২ গ'লত ড্র খেলে। উল্লেখ্য যে ছার্ভিচেজ দলে প্রতিযোগিতাৰ তখন খেলেই ড্র খেলিছে। ইফালে ঢকুৱাখনাত অনুষ্ঠিত খেলত কেৰালাই ওড়িশাৰ বিৰুদ্ধে ১-০ গ'লত জয়ী হয়। 

খেলখনত কেৰালাৰ হৈ ২২ মিনিটত বিজয়সূচক গ'লটো দিয়ে টি চিজিনে নিজববীয়া প্ৰচেষ্টাৰে লোৱা এক দর্শনীয়া শ্বটেৰে। আনহাতে, ২৮ জানুৱাৰীৰ যুঁজত অসম দলে ৰাজস্থানৰ সৈতে মুখামুখি হ'ব ঢকুৱাখনাৰ বিষ্টুৰাম দলে ক্রীড়া ক্ষেত্ৰত। খেল আৰম্ভ হ'ব দিনৰ দুই বজাত।

Share This