ডিজিটেল ডেস্ক: আনুষ্ঠানিকতা আৰম্ভ কৰিব। শপতগ্ৰহণ অনুষ্ঠানৰ সূচী অনুসৰি, পুৱা ১০ বজাত ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে নৱনিযুক্ত মুখ্যমন্ত্রী সতীশন আৰু তেওঁৰ মন্ত্রীসভাৰ সদস্যসকলক শপতবাক্য পাঠ কৰোৱাব।
এই শপতগ্রহণ অনুষ্ঠানত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খর্গে, লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু সাংসদ প্রিয়ংকা গান্ধী উপস্থিত থাকিব। তদুপৰি, কংগ্ৰেছ শাসিত ৰাজ্যসমূহ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া, উপ-মুখ্যমন্ত্রী শিৱকুমাৰ, তেলেংগানাৰ মুখ্যমন্ত্রী ৰেৱন্ত ৰেঙী, হিমাচলৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুও উপস্থিত থাকিব।
ইফালে, আজি পুৱা মুখ্যমন্ত্ৰী সতীশনৰ লগতে কংগ্ৰেছৰ ১১জন মন্ত্ৰীয়ে শপতগ্ৰহণৰ সম্ভাৱনা আছে। ইউ ডি এফ মৰ্চাৰ মূল অংশীদাৰ ইণ্ডিয়ান ইউনিয়ন মুছলীম লীগৰ (আই ইউ এম এল) ৫জন বিধায়কে মন্ত্রীসভাত স্থান পোৱাৰ সম্ভাৱনা আছে।