সন্তোষ ট্ৰফীৰ ফাইনেলত কেৰালা-ছার্ভিচেজ

dainik janambhumi February 06, 2026

ডিজিটেল ডেস্ক : ৭৯সংখ্যক সন্তোষ টুফীৰ ফাইনেল ৰাউণ্ডত কেৰালা আৰু ছার্ভিচেজ দল মুখামুখি হ'ব। চিলাপথাৰত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত ছার্ভিচেজ দল আৰু ৰে'লৱে দল অৱতীৰ্ণ হয়। ছার্ভিচেজ দলৰ অভিষেক পাৱাৰে খেলৰ ৩৩ মিনিটত বক্সৰ বাহিৰৰ পৰা লোৱা শক্তিশালী শ্বটৰ জৰিয়তে দলক প্রথমটো অগ্রগতি দিয়ে। দ্বিতীয় অৰ্ধৰ ৭২ মিনিটত বক্সৰ ভিতৰত ৰে'লৱে দলৰ খেলুৱৈয়ে ছার্ভিচেজৰ জাহিৰ খানক ফাউল কৰাৰ বাবে ছার্ভিচেজ দলে পেনাল্টি লাভ কৰে, যিটো কাৰ্যকৰী কৰে অভিষেক পাৱাৰে। 

দ্বিতীয় গ'লৰ পিছত খেলৰ গতি নিজৰ দখলত ৰাখিবলৈ সক্ষম হোৱা ছার্ভিচেজে ২-০ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হয়। দিনৰ দ্বিতীয়খন ছেমিফাইনেল ঢকুৱাখনাৰ বিষ্টুৰাম দলে খেলপথাৰত ১-৩০ৰ পৰা আৰম্ভ হয়। কেৰালা দলে আৰম্ভণিৰে পৰাই খেলত প্ৰভাৱ বিস্তাৰ কৰে আৰু প্ৰথম অৰ্ধৰ ১৬ মিনিটত মহম্মদ আজচল, ৩৪ মিনিটত মহম্মদ ৰিয়াজ আৰু ৪৫ মিনিটত ভিকনেছৰ গ'লেৰে ৩-০ ব্যৱধানত অগ্রগতি ল'বলৈ সক্ষম হয়। দ্বিতীয় অর্দ্ধত পঞ্জাব দলে কিছু চেষ্টা কৰিছিল যদিও কেৰালা দলৰ সুশৃংখল মিডফিল্ড আৰু ডিফেঞ্চৰ বাবে গলপ'ষ্টলৈ শ্বট ল'বলৈও সক্ষম নহ'ল। 

তাৰ বিপৰীতে কেৰালা দলৰ মহম্মদ ৰিয়াজে ৮৩ মিনিটত নিজৰ ব্যক্তিগত দ্বিতীয় আৰু দলৰ হৈ চতুৰ্থ তথা চূড়ান্ত গ'ল দিয়ে। অহা ৮ ফেব্ৰুৱাৰীত কেৰালা আৰু ছার্ভিচেজ দল ফাইনেলত মুখামুখি হ'ব।

Share This