ডিজিটেল ডেস্কঃ কেৰালাৰ কোঝিকোডেৰ বেইপোচৰৰ উপকূলৰ সমীপত ছিংগাপুৰৰ এখন মালবাহী জাহাজত অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত ৪জন লোক সন্ধানহীন হয়। ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু ভাৰতীয় নৌ সেনাৰ যৌথ উদ্ধাৰ অভিযানত জাহাজখনৰ পৰা ১৮জন যাত্ৰীক উদ্ধাৰ কৰা হয়।
এই দুর্ঘটনাত জাহাজখনত থকা ২জন পৰিচালক গুৰুতৰভাৱে আহত হয়। ২৭০ মিটাৰ দৈৰ্ঘ্যৰ এম ভি রান হাই ৫০৩ নামৰ জাহাজখনে কলম্বোৰ পৰা মুম্বাইলৈ ২২গৰাকী পৰিচালক আৰু ৬৫০টা কণ্টেইনাৰসহ যাত্রা কৰিছিল।
অগ্নিকাণ্ডৰ ফলত কেইটামান কণ্টেই নাৰত বিস্ফোৰণ হয়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। এই দুৰ্ঘটনাৰ ফলত সন্ধানহীন হোৱা ৪ গৰাকী লোক টাইৱান, ইণ্ডোনেছিয়া আৰু ম্যানমাৰৰ নাগৰিক আছিল।
উল্লেখযোগ্য যে কেইসপ্তাহমান আগতে কেৰালাৰ কোচি উপকূলত এখন লাইবেৰিয়াৰ মালবাহী জাহাজ দুর্ঘটনাগ্রস্ত হৈছিল।