ডিজিটেল ডেস্ক : বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী তথা বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ (বি এন পি) অধ্যক্ষা খালেদা জিয়াৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈয়ে আছে।
ইয়াৰ মাজতে তেওঁক উন্নত চিকিৎসাৰ বাবে লণ্ডনলৈ নিয়াৰ প্ৰস্তুতি চলিছে। উল্লেখযোগ্য যে খালেদাৰ পুত্ৰ তথা বি এন পিৰ কাৰ্যকৰী অধ্যক্ষ তাৰিক ৰহমান লণ্ডনত বাস কৰে। তাৰিকৰ চিকিৎসক পত্নী জুৱেইদা ৰহমান শীঘ্ৰেই ঢাকাত উপস্থিত হ'ব আৰু শাহুৱেক খালেদা জিয়াক উন্নত চিকিৎসাৰ বাবে লণ্ডনলৈ নিয়াৰ প্ৰস্তুতি চলাব।
আনহাতে, শেহতীয়া বাতৰি অনুসৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক লণ্ডনলৈ নিয়াৰ সূচী দেওবাৰলৈকে পিছুৱাই দিয়া হৈছে। কাটাৰে আগবঢ়োৱা এয়াৰ এম্বুলেঞ্চখন ঢাকা আহি পোৱাত পলম হোৱাৰ বাবেই দেওবাৰলৈকে পিছুৱাই দিয়া হৈছে।