'অপাৰেশ্যন ব্লুষ্টাৰ'ৰ বাৰ্ষিকীত অমৃতসৰৰ পৱিত্ৰ শিখ মন্দিৰত সহস্রাধিক খালিস্তানপন্থীৰ শ্ল'গান, স্বৰ্ণমন্দিৰত আকৌ খালিস্তানৰ ধ্বনি

dainik janambhumi June 07, 2026

ডিজিটেল ডেস্ক : পঞ্জাবৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰত শনিবাৰে আকৌ উঠিল এখন খালিভানৰ দাবী। ১৯৮৪ চনত অমৃতসৰৰ স্বর্ণ মন্দিৰৰ পৰা সন্ত্রাসবাদী কার্যকলাপক উৎখাত কৰিবলৈ ভাৰতীয় সেনাই চলোৱা 'অপাৰেশ্যন ব্লু ষ্টাৰ'ৰ ৪২ সংখ্যক বার্ষিকীৰ উপলক্ষত শনিবাবে পৱিত্র শিখ মন্দিৰটোৰ চৌহদত পুনৰ খালিস্থানপন্থী শ্ল'গানেৰে উত্তাল কৰে এখন পৃথক খালিস্তানৰ সমর্থকে। শিখ ধর্মৰ সর্বোচ্চ ৰাজনৈতিক তথা ধর্মীয় আসন 'অকাল তণ্ট'ৰ সন্মুখত কালি যথেষ্ট সংখ্যক প্রতিবাদকাৰী সমবেত হয় আৰু জার্নাইল সিং ভিন্দ্রনৱালেৰ ফটোসম্বলিত প'ষ্টাৰ-বেনাৰ লৈ খালিস্তানপন্থী শ্ল'গান দিয়ে। 

উল্লেখযোগ্য যে ১৯৮৪ চনত স্বর্ণ মন্দিৰৰ চৌহদৰ ভিতৰত শিখ সন্ত্রাসবাদীৰ নেতৃত্ব দিছিল এই ভিন্দ্রনবালেই। তদুপৰি, ৬ জুন হৈছে ভিন্দ্রনবালেৰ মৃত্যু বাষিকীৰ দিন। এই ভিন্দ্রনবালেই গোড়া শিখ শৈক্ষিক সংস্থা 'ডামডামী তস্কল'ৰ প্রতিষ্ঠাপকো। কালিৰ এই দিনটোৰ বাবে পঞ্জাব আৰক্ষীয়ে সমগ্ৰ অমৃতসৰত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছিল। পঞ্জাব আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান (আইন-শৃংখলা) প্রবীণ কুমাৰ সিন্‌হাই যোৱা ৪ জুনত জিলাখন ভ্রমণ কৰিছিল আৰু অমৃতসৰত ৪ হাজাৰ আৰক্ষীৰ লোকক মোতায়েনৰ নির্দেশ দিছিল। কিন্তু এই নিৰাপত্তা বেষ্টনীৰ পাছতো অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ চৌহদত খলিস্তানপন্থী শ্ল'গানৰ ধ্বনি উঠাটো লক্ষণীয় হৈ পৰিছে। 

প্রাণিধানযোগ্য যে ভিন্দ্রনবালেৰ নেতৃত্বত ১৯৮৪ চনত অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ চৌহদত খালিস্তানী সন্ত্রাসবাদীয়ে বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্র, গোলা-বাৰুদ লুকুৱাই ৰাখিছিল। তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ নির্দেশত ৬ জুনত ভাৰতীয় সেনাই স্বর্ণ মন্দিৰৰ চৌহদত 'অপাৰেশ্যন ব্লু ষ্টাৰ' চলাইছিল। ইয়াক লৈ সেই সময়ৰ প্রধানমন্ত্রী ইন্দিৰা গান্ধী শিখ-সমাজৰ মাজত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল। কেইবামাহৰ পাছতেই ইন্দিৰা গান্ধীক তেওঁবে দুজন শিখ দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল। 

উল্লেখযোগ্য যে পঞ্জাবত পুনৰ খালিস্তানপন্থী বিদ্রোহে গা-কৰি উঠিছে। বিশেষকৈ কানাডাসহ পশ্চিমীয়া দেশৰ পৰা ভাৰতত এখন পৃথক খালিস্তান গঠনৰ বাবে ষড়যন্ত্র, পৰিকল্পনা আৰু কার্যকালাপ অব্যাহত আছে। গুৰপতৱন্ত সিং পান্নুনৰ দৰে দুর্ধর্ষ খালিস্তানী সন্ত্রাসবাদীয়ে কানাডাৰ পৰা মুকলিকৈ এখন পৃথক খালিস্তানৰ বাবে কাম-কাজ চলাই আছে। তদুপৰি, অসমৰ ডিব্ৰুগড়ৰ জে'লত বন্দী হৈ থকা খালিস্তানপন্থী শিখ সংস্থা 'বাবিছ পঞ্জাব ডে'ৰ মুৰব্বী অমৃতপাল সিঙৰ সাংগঠনিক ভিত্তি এতিয়াও পঞ্জাবত শক্তিশালী হৈ আছে। ইয়াৰ মাজতে, কালি স্বর্ণ মন্দিৰৰ চৌহদত এখন পৃথক খালিস্তানৰ বাবে আকৌ দাবী উত্থাপন হোৱাটোৱে ভাৰতৰ বাবে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।

Share This