ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জি-৭ শীর্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে কানাডা ভ্রমণৰ সময়ত খালিস্তানী সমর্থকে তীব্র প্রতিবাদেৰে কানাডাৰ ৰাজধানী উত্তাল কৰি তুলিব বুলি আশংকা কৰা হৈছে। কানাডাৰ নিউজ চেনেল চি টিভিৰ মতে, জি-৭ শীর্ষ সন্মিলন অনুষ্ঠিত হ'বলগীয়া এলবাৰ্টাৰ কানানাক্সিছ চহৰৰ আৰক্ষীৰ জ্যেষ্ঠ বিষয়া ডেভিদ হলে কয় যে প্রতিবাদৰ কাৰণে তিনিটা স্থান নিৰ্ধাৰণ কৰা হৈছে।
এই তিনিটা স্থানত খালিস্তানী সমৰ্থকে কৰা প্ৰতিবাদ জি-৭শীর্ষ সন্মিলনত অংশগ্রহণ কৰা নেতাসকলক পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে দেখুওৱা হ'ব। প্ৰথমবাৰৰ বাবে কানাডাত খালিস্তানী সমৰ্থকৰ প্ৰতিবাদ জি-৭ দেশসমূহৰ নেতাসকলক পোনপটীয়াকৈ দেখুওৱা হ'ব। উল্লেখযোগ্য যে কানাডাৰ চৰকাৰে শান্তিপূর্ণ প্রতিবাদ জনতাৰ অধিকাৰ বুলি অভিহিত কৰিছে। ইয়াৰ আগতেও ভাৰতৰ ক্ষোভক আওকাণ কৰি কানাডাৰ চৰকাৰে ভাৰতীয় দূতাৱাসৰ সন্মুখত খালিস্তানী সমৰ্থকক প্ৰতিবাদ কৰাৰ অনুমতি দিছিল।
আনহাতে, শীর্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে প্রধানমন্ত্রী মোদী কানাডাত থকাৰ সময়ছোৱাত খালিস্তানী সমর্থকে উগ্র প্রতিবাদ কৰাৰো আশংকা কৰা হৈছে। কানাডাৰ চৰকাৰে এনে ধৰণৰ প্ৰতিবাদৰ আশংকা কৰিয়েই শীর্ষ সন্মিলনলৈ প্রধানমন্ত্রী মোদীক নিমন্ত্রণ জনোৱাত পলম কৰা বুলি বিশেষজ্ঞসকলে প্রকাশ কৰে।