তেহৰানত আৰম্ভ খামেনেইৰ শেষকৃত্য

dainik janambhumi July 04, 2026

ডিজিটেল ডেস্ক : ইৰানৰ পূৰ্বৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেই আৰু তেওঁৰ পৰিয়ালৰ লোকসকলৰ অন্তিম বিদায়ৰ প্ৰক্ৰিয়া কালিৰ পৰা আৰম্ভ হয়। উল্লেখযোগ্য যে যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ আক্রমণত খামেনেই নিহত হৈছিল। খামেনেইক শেষ শ্রদ্ধা জনোৱাৰ বাবে তেওঁৰ মৃতদেহ তেহৰানৰ 'গ্ৰণ্ড মোছলাল' মছজিদত তেওঁৰ কফিন ৰখা হৈছে। তেওঁৰ কাষতে আক্রমণটোত নিহত হোৱা খামেনেইৰ পত্নী, কন্যা, জোঁৱাই আৰু ১৪ মহীয়া নাতিৰ কফিনো ৰখা হৈছে। খামেনেইৰ কফিনৰ কাষতে তেওঁৰ নাতিয়েকৰ সৰু কফিনটো ৰখা হৈছে আৰু ইয়াত তেওঁৰ ফটোও আছে। 

ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানকে ধৰি দেশখনৰ শীর্ষ নেতাসকলে খামেনেইৰ প্ৰতি শেষ শ্রদ্ধা জ্ঞাপন কৰে। তেওঁৰ লগত আছিল ইৰানী সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফ আৰু বিদেশ মন্ত্রী আব্বাছ অৰঘাছী। তেওঁলোকে শেষ শ্রদ্ধা জনোৱাৰ সময়ত আৱেগিক হৈ পৰা দেখা গৈছিল। মন কৰিবলগীয়া যে খামেনেইৰ শেষকৃত্য অনুষ্ঠানত তেওঁৰ পুত্ৰ তথা দেশখনৰ বৰ্তমানৰ সৰ্বোচ্চ নেতা মোজতবা খামেনেই উপস্থিত নাথাকে। ইজৰাইলে তেওঁৰ ওপৰত আক্ৰমণ কৰি হত্যা কৰিব পাৰে বুলি আশংকা কৰা হৈছে। ইফালে, খামেনেইৰ শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণৰ বাবে প্রায় ১০০খন দেশৰ প্ৰতিনিধি তেহৰানত উপস্থিত হৈছে। খামেনেইৰ শেষকৃত্য অনুষ্ঠান সম্পন্ন হ'ব ৯ জুলাইত। এই অনুষ্ঠানত দুই কোটিতকৈ অধিক লোক উপস্থিত থকাৰ সম্ভাৱনা আছে। ৬ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া অন্তিম যাত্ৰাই তেহৰানৰ পৰা কোম আৰু খামেনেইৰ গৃহনগৰ মছহদকে ধৰি কেইবাখনো মহানগৰৰ মাজেৰে পাৰ হ'ব। ৯ জুলাইত মছহদৰ ইমাম ৰজাৰ কবৰৰ কাষতে তেওঁক সমাধিষ্ঠ কৰা হ'ব। 

ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ নেতৃত্বত ভাৰতীয় প্রতিনিধি দলটোৱে কালি‌ খামেনেইৰ প্ৰতি শেষ শ্রদ্ধা নিবেদন কৰে। উল্লেখযোগ্য যে কালি বিদেশী নেতাসকলে খামেনেইৰ প্ৰতি শেষ শ্রদ্ধা নিৱেদন কৰে। ৪-৫ জুলাইত তেওঁৰ প্ৰতি সাধাৰণ লোকসকলে শেষ শ্রদ্ধা জনাব। তেওঁক শেষ শ্রদ্ধা নিৱেদনৰ বাবে বিশ্বৰ আগশাৰীৰ দেশসমূহৰ নেতাসকল তেহৰানত উপস্থিত হোৱা নাই। ইৰানে নিমন্ত্রণ জনোৱা সত্ত্বেও ৰাছিয়া, চীন, ভাৰত আৰু তুৰস্কই প্ৰতিনিধিৰ দলহে তেহৰানলৈ প্ৰেৰণ কৰে।

Share This