ডিজিটেল ডেস্ক : বিহাৰত চলি থকা সপ্তম খেল' ইণ্ডিয়া যুৱ ক্রীড়াত প্ৰথমবাৰৰ বাবে অন্তর্ভুক্ত হোৱা ছেপাকটাক্ৰ'ৰ ল'ৰাৰ ডাবলছ শাখাত শনিবাৰে নিশা অসমে বিহাৰক ১৫-১৩, ১৭-১৫ ত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। স্বর্ণজয়ী অসম দলৰ তিনি সদস্য হ'ল এম থৈবা সিনহা, প্রিন্স সিন্হা আৰু অভিজিত সিন্হা। উল্লেখযোগ্য যে এই স্বর্ণ লাভ কৰি অসমে খেল' ইণ্ডিয়া যুৱ ক্রীড়াৰ ইতিহাসত ১৫০ টা পদক অৰ্জনৰ গৌৰৱ লাভ কৰিছে।
২০১৮ ৰ পৰা আৰম্ভ হোৱা ভাৰত চৰকাৰৰ প্ৰতিভা সন্ধানী ক্রীড়া প্রতিযোগিতা খেল' ইণ্ডিয়া যুৱ ক্ৰীড়াৰ নতুন দিল্লীৰ উদ্বোধনী বৰ্ষত অসমে এটাকৈ সোণ, ব্ৰঞ্জ আৰু দুটা ৰূপসহ চাৰিটা পদক লাভ কৰিছিল। পৰৱৰ্তী পুনেৰ দ্বিতীয় সংস্কৰণত অসমে দহটা পদক পায়। ইয়াৰে তিনিটা সোণ, দুটা ৰূপ আৰু পাঁচটা ব্রঞ্জ। ২০২০ ত গুৱাহাটীত হোৱা তৃতীয় খেল' ইণ্ডিয়া যুৱ ক্রীড়াত অসমে ২০টা সোণ, ২২ ৰূপ আৰু ৩৪ ব্ৰঞ্জসহ ৭৬ টা পদক পাইছিল।
এয়াই অসমৰ শ্ৰেষ্ঠ প্ৰদৰ্শন। কৰ'না মহামাৰীৰ বাবে এবছৰ প্ৰতিযোগিতা বন্ধ থাকে। ২০২২ত হাৰিয়ানত অসমে ২১টা পদক লাভ কৰিছিল, য'ত দুটা সোণ, এঘাৰটা ৰূপ আৰু আঠটা ব্ৰঞ্জ আছিল। ২০২৩ ত মধ্য প্রদেশত অসমে দুটাকৈ সোণ-ব্রঞ্জ আৰু তিনিটা ৰূপসহ সাতটা পদক লাভ কৰিছিল। আনহাতে, বিগত বৰ্ষত তামিলনাডুৰ ষষ্ঠ সংস্কৰণত অসমে পাঁচটা সোণ, আঠটা ৰূপ আৰু এঘাৰটা ব্ৰঞ্জসহ ২৪টা পদক লাভ কৰিছিল। ইফালে, কালি ভাৰোত্তোলক অভিনৱে পদক লাভ কৰাৰ লগে লগে অসমে খেল' ইণ্ডিয়া যুৱ ক্রীড়াত ৰূপৰ পদক জয়ৰো অর্ধশতক পূৰ্ণ কৰিলে।