খেল' ইণ্ডিয়া ৱ'মেন্‌ছ পেঞ্চাক চিলাট লীগ' ২০২৩ ৰ সফল সামৰণি

Jyoti Borah August 28, 2023

ডিজিটেল ডেস্কঃ ধেমাজী জিলাৰ  চিলাপথাৰ টাউন কলেজ ইনড'ৰ ষ্টেডিয়ামত যোৱা  ২৬ আৰু ২৭ আগষ্টত অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজিত খেল' ইণ্ডিয়া ৱ'মেন্‌ছ পেঞ্চাক চিলাট লীগ ২০২৩ ৰ সফলতাৰে সমাপন কৰা হয় । অসম পেঞ্চাক চিলাট এছ'চিয়েচনৰ উদ্যোগত আৰু ধেমাজী জিলা পেঞ্চাক চিলাট এছ'চিয়েচনৰ সহযোগত এই প্ৰতিযোগিতা আয়োজন কৰা হয় ।  অসম পেঞ্চাক চিলাট এছ'চিয়েচনৰ প্ৰতিস্থাপক সভাপতি তথা মিছিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যাবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ তদাৰকত আয়োজিত উক্ত প্ৰতিযোগিতাত ৰাজ্যৰ ২০ খন জিলাৰ ৩৩৬ গৰাকী মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰে। খেলুৱৈসকলে পেঞ্চাক চিলাট ক্ৰীড়াৰ টেণ্ডিং, টুংগল, গাণ্ডা, ৰুগু, চ'ল' আদি শিতানত প্ৰতিযোগিতা আগবঢ়ায়। 

প্ৰতিযোগিতাখনিত মুখ্য অতিথিৰূপে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সভাপতি  যগ্যেশ্বৰ কুতুম, বিশিষ্ট অতিথিৰূপে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ কাৰ্য্যবাহী সদস্য প্ৰভাত বসুমতাৰী, চিলাপথাৰ টাউন কলেজৰ অধ্যক্ষ দিব্য দলে, চিলাপথাৰ টাউন ছিনিয়ৰ চেকণ্ডাৰী স্কুলৰ অধ্যক্ষ ইন্দ্ৰেশ্বৰ দলে, ধেমাজী জিলা এথলেটিক সন্থাৰ উপ সভাপতি নাৰায়ন বুঢ়াগোহাঁই, টি.এম.পি.কে.ৰ সভাপতি আৰু সম্পাদক উপস্থিত থাকে। উল্লেখ্য যে স্পৰ্টছ্‌ অথৰিটী অৱ ইণ্ডিয়া চমুকৈ ছাইৰ নিৰ্দেশনাত সৰ্বভাৰতীয় পৰ্যায়ত চলি থকা "খেল' ইণ্ডিয়া ৱ'মেন্‌ছ পেঞ্চাক চিলাট লীগ'২০২৩"ৰ অংশৰূপে চিলাপথাৰ টাউন কলেজ ইণ্ড'ৰ ষ্টেডিয়ামত আয়োজিত প্ৰতিযোগিতাখনিৰ স্পৰ্টছ্‌ অথৰিটী অৱ ইণ্ডিয়াৰ পৰিদৰ্শক মিষ্টাৰ ছিকণ্ডৰ জি উপস্থিত থাকি প্ৰতিযোগিতাখনি সাৰ্থক কৰে বুলি অসম পেঞ্চাক চিলাট এছ'চিয়েচনৰ সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলেই জানিবলৈ দিয়ে। 

প্ৰতিযোগিতাৰ শেষত ধেমাজী জিলাই ২২টা সোন, ১০ টা ৰূপ আৰু ১০টা ব্ৰঞ্জৰ পদকেৰে প্ৰথম স্থান, ঘোলাঘাট জিলাই ১৮টা সোন, ৬ টা ৰূপ আৰু ১০টা ব্ৰঞ্জৰ পদকেৰে দিত্বীয় স্থান আৰু শোণিতপুৰ জিলাই ৮টা সোন, ৭ টা ৰূপ আৰু ৯ 

Share This